অসম

কেনে আছে সকলোৰে মৰমৰ মোহন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৰ্তমান হাস্পতালৰ বিচনাত মোহন খ্যাত দ্বীপজ্যোতি কেওট। বছৰৰ প্ৰথম দিনটোতেই হাৰ্ট এটেক হৈ হেলথ চিটি হাস্পতালত ভৰ্তি হৈছিল দ্বীপজ্যোতি কেওট। তাৰ পাছতে চলিছিল এঞ্জিও প্লাষ্টিক নামৰ অস্ত্ৰোপচাৰ।

ডাঃ চন্দনা শৰ্মাই পৰীক্ষা কৰি অস্ত্ৰোপচাৰ কৰিবলৈ অনুমতি দিছিল। তাৰপাছতে ডাঃ মায়ংক আগৰৱালাৰ নেতৃত্বত এটা চিকিৎসকৰ দলে চলাইছিল অস্ত্ৰোপচাৰ। ইতিমধ্যে সুকলমে হৈ গৈছে দ্বীপজ্যোতিৰ জটিল অস্ত্ৰোপচাৰ।

বৰ্তমান দ্বীপজ্যোতি সংকটমুক্ত নহয়। আইচিইউতে আছে অভিনেতাগৰাকী। ইয়াৰ বাবে লাগিব ৮৪ ঘন্টা। চিকিৎসকে জনোৱা অনুসৰি হৃদযন্ত্ৰত থকা দুডাল গুৰুত্বপূৰ্ণ সিৰাৰ এডাল এতিয়াও ৯৯ শতাংশ ব্লক হৈ আছে। আন এডাল ৭০ শতাংশ ব্লক হৈ আছে। দুডাল ষ্টেন্ট স্থাপন কৰাও হৈছে। আনহাতে দ্বীপজ্যোতিৰ ডাইবেটিছ আছে।যাৰবাবে ৪৮ ঘন্টা চিকিৎসকৰ সম্পূৰ্ণ নিৰীক্ষণত থাকিব তেওঁ। তাৰপাছতে ধাৰণা ল'ব পৰা যাব দ্বীপজ্যোতি সম্পৰ্কে।

উল্লেখ্য যে, সোমবাৰে পুৱা হেলথ চিটি হাস্পতাললৈ ফোন কৰিছিল অভিনেতাগৰাতীয়ে। ফোনত তেওঁ শ্বাস প্ৰশ্বাসজনিত সমস্যা আৰু বুকুৰ বিষৰ বিষয়ে জনাইছিল। তাৰ পাছতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি হাস্পতালত ভৰ্তি হৈছিল দ্বীপজ্যোতি।