অসম

ঢকুৱাখনাৰ মাধুপুৰ বাগানত হৰিণ উদ্ধাৰ..

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাত খতিয়া হৰিণ উদ্ধাৰ হয়। ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মাধুপুৰ চাহ বাগিচাৰ ৮ নম্বৰ লাইনত সোমবাৰে বিয়লি এটা খতিয়া হৰিণ উদ্ধাৰ কৰা হয়। বাগানখনৰ ৮ নম্বৰ লাইনত চৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰতক্ষ কৰে হৰিণটো।

দুৰ্ভাগ্যজনক যে, খতিয়া হৰিণটোৱে মানুহক দেখি প্ৰচণ্ড জোৰত দৌৰি যাওঁতে কলম দিয়া চাহ গছৰ ডালত লাগি আঘাটতপ্ৰাপ্ত হয়। পাছত আহত হৰিণটো স্থানীয় ৰাইজে উদ্ধাৰ কৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে। ঘটনাস্থলীত গাঁওৰক্ষী বাহিনী উপস্থিত হৈ ঘিলামৰা আৰক্ষীক অৱগত কৰে।

ঘিলামৰা থানাৰ উপ-পৰিদর্শক ত্ৰিনয়ন দলে ঘটনাস্থলীত উপস্থিত হৈ আহত হৰিণটোৰ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে, আহত হৰিণটোৰ জৰুৰী চিকিৎসাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আনহাতে বাতৰি লেখা পৰ্যন্ত বন বিভাগৰ কোনো লোক উক্ত স্থানত উপস্থিত হোৱা নাই।