অসম

চমৰিয়াত নাওখেল প্ৰতিযোগিতা আৰু বঁটা বিতৰণী সভা

Asomiya Pratidin

ডিজিটেল ডেস্ক : কামৰূপ জিলা নগৰবেৰাৰ নিকটৱৰ্তী চমৰিয়াত প্ৰতি বছৰৰ দৰে এইবাৰো পৰম্পৰাগত ঐতিহাসিত জামলাই নাওখেল প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আম আদমি পাৰ্টী অসমৰ সভাপতি ভবেন চৌধুৰী।

মুখ্য অতিথিৰ ভাষণত সভাপতি ভবেন চৌধুৰীয়ে কয় যে, এই খেলৰ জৰিয়তে অঞ্চলটোৰ লোকসকলৰ মাজত ভাতৃত্ববোধ গঢ় লৈ উঠাৰ লগতে ই এক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠাৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। তাৰোপৰি চৌধুৰীয়ে এই নাওখেল প্রতিযোগিতাক চৰকাৰী স্বীকৃতি দিবলৈ দাবী জনায়।

তেওঁ কয় যে, প্রাচীন কালৰে পৰা অসমত প্ৰচলিত খেলসমূহৰ ভিতৰত নাওখেল হৈছে অন্যতম। কিয়নো অসম এখন নদী মাতৃক ৰাজ্য। বিশেষকৈ নামনি অসমত এই নাওখেলৰ প্ৰচলন অতি বেছি।

অসমৰ এই নাওখেলৰ এক গৌৰৱৰ ইতিহাস আছে আৰু সেই গৌৰৱ অক্ষুন্ন ৰাখি এতিয়া নাওখেলৰ প্ৰচলন অব্যাহত আছে বুলি উল্লেখ কৰে।

আনহাতে উক্ত প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত বিজয়ী আৰু বিজেতা দলক নগদ ধনসহ ট্ৰফী প্রদান কৰা হয়।