অসম

নাই ভোগালীৰ আনন্দ, একেলগে ৯জনৰ আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি বছা ভৰলুৱা গাঁৱত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যিসময়ত ৰাজ্যৰ সৰ্বত্ৰে ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি চলিছে সেই সময়তে এইখন ৰাজ্যতে এখন গাঁৱত চলিছে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি। গাওঁখনৰ ক'তো নাই ভোগালীৰ আনন্দ। গাওঁখনলৈ সোমাই গ'লে ক'তো দেখা নাপাব এটাও ভেলাঘৰ। চৌদিশে কেৱল মৰিশালীৰ নিস্তব্ধতা।

৩ জানুৱাৰী। কোনেও পাহৰিব নোৱাৰা এটা ক'লা দিন। নতুন বছৰটো সকলোৰে ভালে-কুশলে যাওঁক বুলি ঈশ্বৰৰ চৰণত এগছি বন্তি জ্বলাই মূৰ দোৱাই সেৱা লোৱাৰ উদ্দেশ্যৰে আৰু নতুন বছৰক আনন্দৰ মাজৰে আদৰিবলৈ বনভোজ খাবলৈ গৈছিল গোলাঘাট জিলাৰ বছা ভৰলুৱা গাঁৱৰ ৰাইজ।

পুৱতি নিশা আৰম্ভ কৰা এই যাত্ৰাৰ ঠিক কিছু সময়ৰ পাছতে বালিজান তিনিআলিত কুঁৱলীৰ মাজতে কাল হৈ আহিছিল এখন অবৈধ কয়লা পৰিবাহী ট্ৰাক। বিপৰীত দিশৰ পৰা অহা এই ট্ৰাকখনৰ খুন্দাতে প্ৰাণ হেৰুৱাইছিল এই বনভোজকাৰী দলটোৰ ১১ জনকৈ লোকৰ লগতে চালকজনেও।

কোনোবাই যদি হেৰুৱালে পিতৃ, মাতৃ আন কোনোবাই হেৰুৱালে পৰিয়ালৰ আটাইকেইজন সদস্য। সেই বছা ভৰলুৱা গাঁৱতেই আজি অনুষ্ঠিত কৰা হৈছে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ১১ জনকৈ লোকৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি।

যিসময়ত সমগ্ৰ ৰাজ্যত উৰুকাৰ প্ৰতিশ্ৰুতি চলিছে, মাছ-মাংসৰে উদৰপুৰাই এসাজ খোৱাৰ বাবে যা-যোগাৰ চলিছে সেই সময়তে বছা ভৰলুৱা গাঁৱত চলিছে চলিছে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি। কেৱল এই গাঁওখনতেই নহয়, চুবুৰীয়া কোনো এখন গাঁৱতেই নাই ভোগালীৰ প্ৰস্তুতি।

বছা ভৰলুৱা গাঁৱলৈ সোমাই গ'লে চৌপাশে কেৱল মৰিশালীৰ নিস্তব্ধতা। চুবুৰীয়া গাওঁ কেইখতো নাই এটাও ভেলাঘৰ। দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ অৱশিষ্ট সদস্য সকলো অশ্ৰুসিক্ত নয়েনেৰে আহিছে এই ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানলৈ। আদ্যশ্ৰাদ্ধৰ এই অনুষ্ঠানত জড়িত হৈ পৰিছে স্থানীয় কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ পৰা সৰ্বস্তৰৰ লোক।

ভোগালীৰ আনন্দই স্পৰ্শ কৰিব নোৱাৰা এই গাওঁখনৰ সকলোৱে আজি মৃতলোকসকলক পুনৰ এবাৰ সোঁৱৰণ কৰাৰ লগতে তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিব। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আহিছে কাষৰীয় গাওঁসমূহৰো লোকো। এতিয়া বছা ভৰলু গাঁৱত নাই আনন্দ, আছে কেৱল নিস্তব্ধতা, শোকৰ বন্যা।