অসম

আৰক্ষীৰ অত্যাচাৰ গ্লানি সহিব নোৱাৰি যুৱকৰ আত্মহত্যা

Asomiya Pratidin

ডিজিটেল সংবাদ ,দেৰগাঁও: সততে অসমৰ মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক অতি মধুৰ হ'বলৈ বাৰম্বাৰ আৰক্ষী লোকৰ প্ৰতি সভাই-সমিতিয়ে আহ্বান জনাই আহিছে যদিও ইয়াৰ এক বিপৰীত ছবিহে দেৰগাঁৱত পৰিলক্ষিত হৈছে । কিয়নো পূজাৰ আনন্দ-উল্লাহৰ মাজতে বিজয়া দশমীৰ নিশা দেৰগাঁও আৰক্ষী থানাৰ অধীনৰ দ'লৰমুখ গাঁৱৰ অজয় দত্ত নামৰ ২১ বছৰীয়া এজন যুৱকৰ আত্মহননৰ দৰে চড়ম পন্থা বাছি লোৱাৰ পাছতে সৃষ্টি হয় এক চাঞ্চল্যৰ পৰিৱেশ।

উল্লেখ্য যে, পূজা চাবলৈ বুলি সমনীয়া সৈতে দেৰগাঁৱত পূজাৰ মেলালৈ আহোতে বিয়লি প্ৰায় ৪ বজাত পথৰ মাজতে এক কাজিয়াৰ সূত্ৰ পাত হয় । সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি থকা দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজনৰ গাত কোনো গুৰুতৰ অপৰাধ নাছিল যদিও আৰক্ষীয়ে আক্ৰোশমূলক মনোভাৱ লৈ যুৱকজনক কৰায়ত্ব কৰি ৰাজহুৱাভাৱে প্ৰহাৰ কৰাতে শান্ত নাথাকি গাড়ীত উঠাই লৈ যায়। যুৱকজনক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি প্ৰায় ২ঘন্টাৰ পাছত ঘৰৰ কোনো লোকক অৱগত নকৰাকৈ এৰি দিয়ে।

সমনীয়াৰ সৈতে পূজাৰ আনন্দ উপভোগ কৰিব লৈ আহি এনেদৰে অপ্ৰত্যাশিতভাৱে আৰক্ষীৰ হাতত প্ৰহিত হ'বলৈ পাই যুৱকজনক মানসিকভাৱে ভাঙি পৰি ঘৰলৈ উভতি নোযোৱাৰ পন লয়। শেষত উপায়ন্তৰ হৈ আৰক্ষীৰ সমগ্ৰ অত্যাচাৰ তথা ঘটনাৰ উচিত তদন্ত বিছাৰি যুৱকজনে নিশাই নিজৰ ফেচবুক একাউণ্টত এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি তেওঁ যে আৰক্ষীৰ অবিবেচনাত পৰি নিৰীহ হৈয়ো শাস্তিৰ সন্মুখীন হ'ব লগা হ'ল আৰু যুৱকজন মৃত্যুৰ বাবে যে একমাত্ৰ আৰক্ষীৰ লোক দায়ী সেই বিষয়ে সবিশষ উল্লেখ কৰি গৈছে।

উল্লেখ্য যে যুৱকজনে লগৰ বন্ধুলৈয়ো ফোন কৰি আৰক্ষীৰ অত্যাচাৰৰ সমগ্ৰ ঘটনা বিৱৰি কোৱাৰ সমান্তৰালভাৱে নিজৰ মাতৃক মৃত্যুৰ পাছত ছোৱা ছিতা কৰিবলৈ কাতৰ অনুৰোধ কৰি যোগাযোগ বিচিন্ন হৈ নিশাই যুৱকজনে ঘৰৰ কাষৰে এজোপা গছত ডিঙিত চিপ লৈ আত্মহত্যা দৰে চড়ম পন্থা বাচি লয়। নিশা প্ৰায় ১০ বজাত সংঘটিত হোৱা এই ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকে জানিব পাৰি দেৰগাঁও আৰক্ষীক অৱগত কৰে। কিন্তু আৰক্ষীয়ে মঙলবাৰে নিশাৰ পৰা বুধবাৰে দিনৰ ১২ বজা পৰ্য্যন্ত যুৱকজনৰ মৃতদেহ গছৰ পৰা নমাই ননাক লৈ পৰিয়াল তথা স্থানীয় লোক আৰক্ষীৰ প্ৰতি ক্ষোভিত হৈয় পৰে।

পৰৱৰ্তীসময়ত দেৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত যুৱকজনৰ মৃতদেহ গছ পৰা নমাই গোলাঘাট লৈ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। উল্লেখ্য যে নিৰীহ যুৱকজন আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ সন্মুখীন হৈ মৃত্যু হোৱা ঘটনা সমাজিক মাধ্যমত বিয়পি পৰাৰ লগে লাগে অসমৰ মুখ্যমন্ত্ৰী য়ে আৰক্ষী সঞ্চালক প্ৰধানক বিষয়টো নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়াত আৰক্ষী সঞ্চালকে নিজে টুইটাৰযোগে সমগ্ৰ ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰাৰ লগতে গোলাঘাটৰ আতিৰিক্ত আৰক্ষীক বিষয়াক সমগ্ৰ ঘটনাৰ তদন্তৰৰ নিৰ্দেশনা দিয়ে। ইতিমধ্যে তেখেত আহি দেৰগাঁৱৰ আৰক্ষী তথা যুৱকৰজনৰ পৰিয়াৰ সৈতে আলোচনাত মিলিত হৈয় সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।