অসম আৰক্ষীলৈ DGP জি পি সিঙৰ মুকলি পত্ৰ... 
অসম

অসম আৰক্ষীলৈ DGP জি পি সিঙৰ মুকলি পত্ৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যিসময়ত বিভিন্ন অপকৰ্মৰে অসম আৰক্ষী বিতৰ্কৰ শীৰ্ষত অৱস্থান কৰিছে, জনতাৰ পৰা ক্ৰমান্বয়ে দূৰলৈ আঁতৰি গৈছে সেই সময়তে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক মুকলি পত্ৰৰ জৰিয়তে অসম আৰক্ষীক কেইবাটাও গুৰুত্বপূৰ্ণ কথা সোঁৱৰাই দিয়াই নহয় এক প্ৰকাৰে কঠোৰ বাৰ্তা প্ৰেৰণ কৰিলে।

খাকীৰ মৰ্যাদা ৰক্ষা, নাৰীক সন্মান আৰু মৰ্যাদা প্ৰদানৰ লগতে শিশু আৰু দুৰ্বল লোকৰ ক্ষেত্ৰতো একেই নীতি পালন কৰাৰ আহ্বান জনাইছে। তেওঁ আৰক্ষী থানাক এক পবিত্ৰ স্থান বুলি উল্লেখ কৰি ইয়াত নিচা গ্ৰহণ কৰি অথবা উপঢৌকন লৈ এই পবিত্ৰতাক নষ্ট নকৰিবলৈও আহ্বান জনাইছে।

এইদৰেই বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় তেওঁ উত্থাপন কৰিছে। তেওঁ লিখিছে এইদৰে-

সমূহ আৰক্ষীলৈ আন্তৰিক আহ্বান

প্রিয় সহকর্মীবৃন্দ,

অসম আৰক্ষীৰ মুৰব্বী হিচাপে যোৱা ১ ফেব্ৰুৱাৰীত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত আৰক্ষীৰ লোকসকলক উদ্দেশ্যি মই কিছু কথা ব্যক্ত কৰিছিলোঁ। আজি এই পত্ৰৰ জৰিয়তে মই তেতিয়া ব্যক্ত কৰা কেইটিমান বিষয় পুনৰ এবাৰ দোহৰিব খুজিছোঁ।

মই সদায়েই কৈ আহিছোঁ আৰু আন্তৰিকতাৰে বিশ্বাস কৰোঁ যে আমি পৰিধান কৰা খাকী পোচাকযোৰৰ এক বিশেষ মর্যাদা আছে। এই পোচাক পৰিধান কৰি আমি আৰক্ষীৰ লোকসকলে গৌৰৱ অনুভৱ কৰোঁ। আমাৰ এই 'ইউনির্ফম'যোৰক আমি সন্মান কৰিব লাগিব। তেতিয়াহে 'ইউনির্ফম'যোৰৰ প্ৰতি সাধাৰণ নাগৰিক তথা ৰাইজৰো সন্মান আৰু বিশ্বাসযোগ্যতা বাঢ়িব। কথাৰে নহয়, কামৰ দ্বাৰাহে আমি আমাৰ 'খাকী'ৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব লাগিব আৰু মই ভাবো, এয়াই আমাৰ প্ৰধান কৰ্তব্য। আমাৰ পবিত্র 'ইউনিফৰ্ম' যোৰৰ মান-সম্মান, মর্যাদা আৰু বিশ্বাসযোগ্যতাক হেয় প্রতিপন্ন কৰা কোনো কামক আমি প্রশ্রয় দিয়াটো মুঠেই উচিত নহয়।

অসম হৈছে সতী জয়মতী, কনকলতা আৰু মূলাগাভৰুৰ দেশ, য'ত নাৰীসকলে সদায়েই সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক ক্ষেত্ৰখনত উচ্চ স্থান আৰু মৰ্যাদা লাভ কৰি আহিছে। নাৰীৰ আদৰ্শ আৰু ত্যাগেৰে মহিমামণ্ডিত এনে এক পবিত্র ভূমিত নাৰীৰ বিৰুদ্ধে যৌন আতিশয্যকে ধৰি যিকোনো অপৰাধ কোনোপধ্যেই সমর্থনযোগ্য নহয়। থানাকে ধৰি আৰক্ষীৰ যিকোনো কাৰ্যালয়, প্ৰতিষ্ঠান আদিত মহিলাক উপযুক্ত সন্মান আৰু মৰ্যাদা প্ৰদান কৰাটো আমি নিশ্চিত কৰিব লাগিব । এয়া আৰক্ষীৰ লোকসকলৰ অন্যতম গুৰুত্বপূৰ্ণ দ্বায়িত্ব বুলি সকলোৱেই আন্তৰিকভাৱে অনুধাৱন কৰাটো অতিকৈ প্রযোজনীয়। এইখিনিতে মই আৰক্ষীৰ লোকসকলক সতৰ্ক কৰি ক'ব খুজিছোঁ যে থানা বা আৰক্ষীৰ যিকোনো কার্যালয়ত মহিলাৰ বিৰুদ্ধে অশোভনীয় আচৰণ, যৌন অপৰাধ আদিক কেতিয়াও সহ্য কৰা নহ'ব। শিশু আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকৰ ক্ষেত্ৰতো সেই একে নীতিয়েই প্রযোজ্য। পদমর্যাদা আৰু সামাজিক স্থিতি নিৰ্বিশেষে সকলোৰে ক্ষেত্ৰত অনুৰূপ স্থিতি গ্ৰহণ কৰাটোও একান্তই বাঞ্চনীয়।

আৰক্ষী থানা অথবা কাৰ্যালয়সমূহ আৰক্ষী আৰু নাগৰিকসকলৰ বাবে এক পবিত্র স্থান বুলি মই বিশ্বাস কৰোঁ। ইয়াৰ পবিত্ৰতা অটুট ৰখাত ম‍ই সদায়েই গুৰুত্ব প্ৰদান কৰি আহিছো৷ নিচাসক্ত হৈ অথবা উপঢৌকন আদি গ্রহণ কৰি ইয়াৰ পবিত্ৰতাক যাতে কলুষিত কৰা নহয়, সেয়াও আমি সুনিশ্চিত কৰিব লাগিব। ইয়াৰ বাবে আৰক্ষীৰ লোকসকলে সর্ব্বোচ্চ পর্যায়ত আত্ম-নিয়ন্ত্রণ আৰু আত্ম-সংযম ৰক্ষা কৰিব লাগিব।

আৰক্ষীৰ অন্যতম প্রধান দায়িত্ব হ'ল অপৰাধজনিত কার্যকলাপ প্রতিহত কৰা আৰু অপৰাধীক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে ইয়াৰ বিপৰীতে আমাৰ একাংশই অপৰাধজনিত কার্যকলাপক অতি নির্লজ্জভাৱে প্রশ্রয় দিয়াটোহে পৰিলক্ষিত হৈছে। বাটে-পথে অথবা বিভিন্ন স্থানত অবৈধভাৱে ধন সংগ্রহ, সংগঠিত অপৰাধৰ সৈতে জড়িত হোৱাৰ দৰে কামত কনিষ্ঠসকলক জড়িত কৰি একাংশ বিষয়াই সমগ্র বিভাগটোলৈ দুর্নাম কঢ়িয়াই আনিছে। আমি এনেধৰণৰ বেআইনী কার্যকলাপৰ নিশ্চিতভাৱে অৱসান ঘটাব লাগিব।

গৌৰৱোজ্জল ইতিহাসেৰে সমৃদ্ধ অসম আৰক্ষীৰ দৰে এটা বাহিনীত সেৱা আগবঢ়াবলৈ সুযোগ পোৱাটো আমাৰ বাবে নিতান্তই এক সৌভাগ্য। বিভিন্ন পর্যায়ত নেতৃত্বৰ দ্বায়িত্বত থকা আমি সকলোৱে বাহিনীটোক এনেদৰে বলিষ্ঠভাৱে নেতৃত্ব দিব লাগিব যাতে সেয়া এক দৃষ্টান্ত ৰূপে পৰিগণিত হয়। ঘটনাস্থলীকে ধৰি যিকোনো ক্ষেত্ৰীয় স্থানত লগে লগে উপস্থিতি নিশ্চিত কৰাৰ লগতে নিয়মীয়া তহল বৃদ্ধি কৰা আৰু সততেই জনসাধাৰণৰ বাবে দৃশ্যমান আৰু সহজলব্ধ হৈ থকাটো অত্যন্ত প্রয়োজনীয়। সেইদৰে নিবিড় পর্যবেক্ষণ আৰু তীক্ষ্ণ নিৰীক্ষণ, অভিজ্ঞতাৰ ভিত্তিত কনিষ্ঠসকলক সঠিক দিহা-পৰামৰ্শ প্ৰদান কৰাৰো যথেষ্ট প্ৰয়োজনীয়তা আছে। কনিষ্ঠসকলকে ধৰি সংশ্লিষ্ট সকলো আৰক্ষীৰ সৈতে ঘনিষ্ঠতা আৰু পাৰস্পৰিক সহযোগিতা বজাই ৰাখি সন্মিলিতভাৱে কৰ্মক্ষেত্ৰত আগুৱাই গ'লে আৰক্ষীৰ কৰ্মপটুতা বৃদ্ধি পাব বুলি মোৰ দৃঢ় বিশ্বাস। ইয়াৰ ফলত, নিশ্চিতভাৱে শতিকা প্রাচীন গৌৰৱময় ঐতিহ্য আৰু পৰম্পৰাৰে সংযুক্ত অসম আৰক্ষীৰ পেছাদাৰিত্ব, কর্মকুশলতা আৰু ৰাজহুৱা ভাৱমূৰ্তি অধিক উন্নত আৰু সমুজ্জল হৈ উঠিব ।

এইখিনিতে মই অৱগত কৰিব খুজিছোঁ যে আৰক্ষীৰ মুৰব্বী হিচাপে আপোনালোকৰ প্ৰতিটো আইনসংগত, ভাল কাম আৰু সৎ প্ৰচেষ্টাৰ ক্ষেত্ৰত মই সদায়েই কাষত থিয় দিম। একে সময়তে সমাজবিৰোধী আৰু বিপথগামী কার্যকলাপসমূহ সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈয়ো মই দৃঢ় সংকল্পবদ্ধ।

আমি অসম আৰক্ষীক যি অৱস্থাত পাই আহিছোঁ তাতোকৈ অধিক সক্ষম, দক্ষ আৰু উন্নত এটা বাহিনী যদি আমাৰ উত্তৰপুৰুষসকলৰ বাবে এৰি যাব নোৱাৰো, সেয়া আমাৰ বাবে এক বিফলতা হিচাপে পৰিগণিত হ'ব। সেয়েহে আমাৰ বাহিনীৰ প্ৰতিগৰাকী পুৰুষ আৰু মহিলা সকলোৱেই অসম আৰক্ষীক এক উত্তম আৰু দক্ষ বাহিনী হিচাপে গঢ়ি তোলাৰ সংকল্প গ্রহণ কৰোঁ আহক।

জয় হিন্দ

আপোনাৰ বিশ্বাসী

জ্ঞানেন্দ্ৰ প্ৰতাপ সিং