অসম

ঢকুৱাখনাত ভকত বৈষ্ণবৰ অন্য ৰূপ, ধৰ্মৰ লগতে কৰ্মত নামিল আই বাপ সমস্ত

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: বাৰ্ধক্য কিম্বা পৌড়ত্বই হাৰ মনাব নোৱাৰা এখন  গাঁওৰ বয়স্ক সমাজ। দৈনন্দিন জীৱন যাত্ৰাৰ বিভিন্ন কামৰ মাজতো ঢকুৱাখনা মহকুমাৰ  মৰনৈ গাঁওৰ অগণন বৃদ্ধ বৃদ্ধা, আই বাপ সমস্ত নামি পৰিছে এক পবিত্ৰ কৰ্মত ।

কোনোৱে যদি হাতত কোৰ তুলি লৈছে , কোনোৱে আকৌ হাতত কৰণি লৈছে । কোনোৱে যদি শিল বালি কঢ়িওৱাত ব্ৰতী হৈছে ,অন্য সকলে চিমেণ্ট বালি শিলৰ মিশ্ৰণ প্ৰস্তুত কৰাত নিমগ্ন হৈছে । এক কথাত যেন যুদ্ধ সদৃশ তৎপৰতা । জীৱনৰ বিয়লি বেলা এনেকৈ ৰোগ পীড়া নিলগাই ঢকুৱাখনাৰ মৰনৈ গাঁওৰ বুঢ়া মেঠা বাপ আই সমস্ত নামি পৰিছে এটা প্ৰাথমিকৰ নামঘৰ নিৰ্মাণত ।

গাঁওখনৰ যুৱক যুৱতী ,পুৰুষ মহিলা সকলেও হাত উজান দিয়া এই পবিত্ৰ নামঘৰ নিৰ্মাণত দেওবাৰে পুৱাৰ পৰাই গাঁওখনৰ ৰাইজ ব্ৰতী হৈছে । জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ আৰু শ্ৰৱণ কীৰ্তনৰ এই উমৈহতীয়া কেন্দ্ৰ প্ৰাথমিক শাখাৰ নামঘৰৰ পকী নিৰ্মাণৰ বাবেই দেওবাৰৰ পুৱাৰ পৰাই এই ব্যস্ততা গঞাৰ ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সোৱণশিৰী শংকৰ মাধৱ প্ৰাথমিক শাখাৰ অন্তৰ্গত মৰনৈ গাঁওৰ গোবিন্দগিৰী প্ৰাথমিক শাখাৰ এটা পকী নামঘৰ নিৰ্মান কৰাৰ লক্ষ্যৰে গাঁওখনৰ ভকত বৈষ্ণৱে গ্ৰহণ কৰা এই তৎপৰতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কৰ্মকে ধৰ্ম মানি গাঁওখনৰ  যুৱক যুৱতী আই মাতৃ ,বাপ সমস্তই নিজ হাতে লোৰ জালি বনাই ,গাঁত খান্দি, চিমেণ্ট মছলা প্ৰস্তুত কৰি  খুঁটা নিৰ্মাণ কৰা আদি দৃষ্টান্তমূলক কাৰ্য বাস্তৱিকতে প্ৰশংসনীয় আৰু অনুকৰণীয় হৈ জনদৃষ্টিত ধৰা দিছে ।

প্ৰাথমিকৰ লাইখুঁটা স্থাপনৰ পূৰ্বে  প্ৰাথমিক শাখাৰ নামঘৰ নিৰ্মান থলিত গাঁওবাসী ৰাইজে গুৰুবাদ্য খোল ,ভোৰতাল, শংখ , ঘণ্টা বজাই স্তুতি প্ৰাৰ্থনাৰে এই পবিত্ৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰে । আয়তীৰ উৰুলি আৰু গায়ন বায়নৰ ছন্দোময় ধ্বনিৰ মাজত বাপ আই সমস্তই নামঘৰৰ লাই খুঁটাত চিমেণ্ট শিল বালিৰ মিশ্ৰণ দি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। ৰাইজৰ নিজা সঞ্চিত  আৰু দাতাৰ  পৰা সংগৃহীত ধনেৰে নিৰ্মান আৰম্ভ কৰা এই প্ৰাথমিক শাখাৰ নামঘৰটো ৰাইজৰ শ্ৰম আৰু ধনেৰে অচিৰেই নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিব বুলি জনা গল । সুহৃদ সেৱকী ব্যক্তিৰ বৰেণ্য অনুদান আৰু অৱদানেৰে এটা পকী নামঘৰ নিৰ্মাণৰ শুভ কৰ্ম আৰম্ভ কৰি উৎসাহী প্ৰাথমিক শাখাৰ অন্তৰ্গত গুৰুজনাৰ একনিষ্ঠ সেৱক সকল ।