অসম

ড্ৰাগছ বেপাৰীৰে ঢকুৱাখনা আৰক্ষীৰ গোপন মিতিৰালিৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ ,ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাৰ একাংশ আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ সুবিধা লৈ নিষিদ্ধ ড্ৰাগছৰ ৰম্যভূমিলৈ পতিত হৈছে মহঘুলি চাপৰি । একাংশ বিপথগামী যুৱকৰ জৰিয়তে ঢকুৱাখনা থানাৰ অন্তৰ্গত মহঘুলি চাপৰিৰ এটা বিশেষ ঘৰৰ পৰা এই নিষিদ্ধ বেহা চলি অহাৰ পাছতো আৰক্ষীয়ে গ্ৰহণ কৰিছে দূতলীয়া চৰিত্ৰ ।

এই গুৰুতৰ অভিযোগ মহঘুলিবাসী সচেতন সমাজৰ । মহঘুলি চাপৰি এলেকাৰ পৰা এই মাৰাত্মক ব্যৱসায় উচ্ছেদ কৰাৰ বাবে মহঘুলিবাসী মহিলা সমাজ আৰু গাঁওৰক্ষী বাহিনীয়ে নিৰন্তৰ সতৰ্কতা অৱলম্বন কৰি আহিছে । এনে সময়তে মঙলবাৰে মহঘুলি এলেকাত দুজন যুৱকৰ হাতৰ পৰা এটা সন্দেহজনক ড্ৰাগছৰ কন্তেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰাইজ। ৰাইজে ঢকুৱাখনাৰ

আমলখি কুটুম গাঁওৰ দীপেন চণ্ডীৰ পৰা দ্ৰাগছ ক্ৰয় কৰি থকা অৱস্থাত সোনাৰী চাপৰিৰ এজন যুৱকক ড্ৰাগছ সহ আটক কৰে । মহঘুলি চাপৰিৰ ৰাইজে এই মৰাত্মক ড্ৰাগছৰ বেহা চলাই থকা অঞ্চলটোৰে এটা বিশেষ ঘৰৰ ওপৰত সন্দেহ কৰি সোধা পোচা কৰি থকাৰ সময়তে আৰক্ষী আহি যুৱক দুজনক আটক কৰি লৈ যায় । পৰৱৰ্তী সময়ত মহিলা সমাজ থানালৈ গৈ আটকাধীন যুৱক দুজনক থানাতে বিশেষ ঘৰটোৰ সন্দৰ্ভত প্ৰশ্ন কৰাত এজন দাম্ভিক আৰক্ষী বিষয়া আহি মহিলা সকলক সোধা পোচা কৰাত বাধা দিয়াৰ লগতে মবাইলত কৰা বাণীবদ্ধ বলপূৰ্বক ফোন কাঢ়ি লৈ কাটি দিয়ে ।

মহিলা সমাজে জনোৱা মতে সোনাৰী চাপৰিৰ ধৃত যুৱকজনে মহিলা সকলক উক্ত বিশেষ ঘৰটোৰ কথা স্বীকাৰ কৰিছিল । কিন্তু এই কথা ৰাজহুৱা হোৱাৰ পাছতে আৰক্ষী আহি বিশেষ বাণীবদ্ধ ৰূপ কাটি দিয়ে। ক্ষুব্ধ ৰাইজে অভিযোগ কৰা মতে আৰক্ষীৰ সহযোগিতালৈ এই ঘৰটোৰ পৰাই আৰক্ষীৰ জ্ঞাত সাৰেই চলি আহিছে নিষিদ্ধ বেহা । মহিলা সকলৰ জেৰাত এই গোপন বেহাৰ তথ্য পোহৰলৈ অহাৰ আশঙ্কাত আৰক্ষীয়ে এনে দাম্ভিক নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ৰাইজৰ দাবী এই সন্দৰ্ভত মহিলা সকলৰ অভিযান চলি থাকিব আৰু ৰাইজৰ উদ্যোগত এই নিষিদ্ধ বেহা উৎখাত কৰা হব আৰক্ষীয়ে যিমান সুৰক্ষা নিদিলেও । উল্লেখযোগ্য যে ঢকুৱাখনা আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ সুবিধা লৈ বাবা নামৰ এটা ড্ৰাগছ বেপাৰীৰ লগতে দীপেন চণ্ডীযে মুকলি বেহা অব্যাহত ৰাখি আহিছে । স্মৰ্তব্য যে এই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিবলৈ এগৰাকী সংবাদসেৱীযে কৃষ্ণ বাহাদুৰ ছেত্ৰী নামৰ আৰক্ষী গৰাকীৰ কাষ চপাত এইগৰাকী শিষ্টাচাৰহীন অবিবেচকী আৰক্ষী উপ পৰিদৰ্শকে অভব্য আচৰণ কৰে ।