ধেমাজিত বিস্ফোৰণ হৈছিল, এই বিস্ফোৰণৰ বাবে দোষী কোনো নাছিল ! 
অসম

ধেমাজিত বিস্ফোৰণ হৈছিল, এই বিস্ফোৰণৰ বাবে দোষী কোনো নাছিল !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২০০৪ ৰ ১৫ আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত বোমা বিস্ফোৰণ হৈছিল। এই বিস্ফোৰণত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ অহা শিশু, অভিভাৱকসহ ১৮ জনৰ মৃত্যু হৈছিল। সেয়া সত্য।

এই বিস্ফোৰণৰ সৈতে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা জড়িত আছিল। আলফাই এই দায়িত্ব তেতিয়াও স্বীকাৰ কৰিছিল, আজিও কৰিছে। কিন্তু ধেমাজিৰ বিস্ফোৰণৰ বাবে কোনো দোষী নহয় ! এয়াও সত্য। ন্যায়ালয়ে প্ৰদান কৰা ৰায়ে অন্ততঃ সেই কথাকেই কয়।

যিকেইজন লোকক এই বিস্ফোৰণৰ বাবে দোষী সাব্যস্ত কৰি নিম্ন আদালতে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল তেওঁলোকো এই বিস্ফোৰণৰ সৈতে জড়িত নাছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ত সেই কথাই প্ৰমাণ হ’ল।

২৪ আগষ্ট ২০২৩, বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ধেমাজি সত্ৰ ন্যায়াধীশৰ ৰায় প্ৰত্যাহাৰ কৰি ধেমাজি বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ৪ জন ব্যক্তিৰ লগতে ৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত আন ২ জন ব্যক্তিক দোষমুক্ত ঘোষণা কৰিছে।

এই আটাইকেইজনৰ বিৰুদ্ধে তদন্তকাৰী বিষয়াই উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰাৰ বাবেই উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰিছে। এই ৰায়ৰ পাছতে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াও সংবাদ মাধ্যমৰ আগত ক'লে-'তদন্তকাৰীসকলে সঠিক তথ্য-প্ৰমাণ জমা দিব নোৱাৰা বাবে দোষমুক্ত হ'ল আটাইকেইজন'।

অনুপ চেতিয়াই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ধেমাজি বোমা বিস্ফোৰণৰ ঘটনাক লৈ আমি দুখিত। এয়া এক ঘৃণনীয় কাম আছিল। সেই সময়ত মই বাংলাদেশৰ কাৰাগাৰত আছিলো। তেতিয়াও মই কৈছিলোঁ যে এয়া খুব গৰ্হিত কাম হৈছে। উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক আমি সন্মান জনাইছোঁ। তদন্তকাৰীসকলে সঠিক তথ্য-প্ৰমাণ জমা দিব নোৱাৰা বাবে দোষমুক্ত হ'ল আটাইকেইজন।

উল্লেখ্য যে, ধেমাজি বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অপৰাধত ধেমাজি সত্ৰ ন্যায়াধীশ আদালতে ৬ গৰাকী অভিযুক্তৰ ভিতৰত দীপাঞ্জলি বুঢ়াগোঁহাই, মুহী সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে আন ২ অভিযুক্ত হেমেন গগৈ আৰু প্ৰশান্ত ভূঞাক ৪ বছৰৰ কাৰাদণ্ড বিহিছিল।

২০০৪ ৰ ১৫ আগষ্টত সংঘটিত হোৱা এই ঘটনাৰ বিচাৰ চলাই ২০১৭ ত ধেমাজিৰ নিম্ন আদালতে ৰায় প্ৰদান কৰিছিল। কিন্তু নিম্ন আদালতৰ সেই ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আৱেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে পুনৰ বিচাৰ প্ৰক্ৰিয়া চলাই কেইবাবছৰৰো শুনানি অন্তত ২৪ চূড়ান্ত শুনানি গ্ৰহণ কৰে।

ইয়াৰ পিছত বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে ঘোষণা কৰে ৰায়দান। কিন্তু গুৱাহাটী উচ্চ চূড়ান্ত ৰায়দানত সেই আটাইকেইগৰাকীকে দোষমুক্ত ঘোষণা কৰে। এই সন্দৰ্ভত হেমন্ত গগৈৰ অধিবক্তা অভিজিত খনিকৰে কয়, হেমন্ত গগৈক তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা এখন গামোচা আৰু এটা টুথপেষ্টৰ বাবেই দোষী সাব্যস্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। তেওঁৰ বিৰুদ্ধে আন একো তথ্য প্ৰমাণ নাছিল।

ইফালে এই গোচৰৰ মুঠ ৫৮ জন সাক্ষীৰ কোনেও আদালতত পতিয়নযোগ্য সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। তেওঁলোকে ন্যায়ালয়ত কেৱল ধোঁৱা, মৃতদেহ আৰু চাইৰেনৰ শব্দ শুনা বুলিহে সাক্ষ্য প্ৰদান কৰিলে। যাৰ বাবে সমগ্ৰ গোচৰটোত পতিয়নযোগ্য তথ্যৰ অভাৱত আটাইকেইজন অভিযুক্তকে দোষমুক্ত ঘোষণা কৰা হয়।

উল্লেখ্য যে, ধেমাজিৰ সেই বিস্ফোৰণত ১৮ টাকৈ কণ কণ শিশুৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল আন বহুতো। বিদ্ৰোহী সংগঠন সংযুক্ত মুক্ত বাহিনী অসম চমুকৈ আলফাৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায় আছিল সেয়া।

বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফাই। কিন্তু তাৰ পাছতো কেৱল মাত্ৰ তদন্তকাৰী বিষয়া তথা সংস্থাই উপযুক্ত তথ্য ন্যায়ালয়ত দাখিল কৰিব নোৱাৰাৰ বাবেই সমগ্ৰ গোচৰটো এইদৰে সমাপ্ত ঘটে। নিম্ন আদালতে দোষী সাব্যস্ত কৰাৰ পাছতো উচ্চ ন্যায়ালয়ত দোষমুক্ত হ’ল ছয় অভিযুক্ত।

স্মৰ্তব্য যে, এই বিস্ফোৰণৰ সুদীৰ্ঘ সময় তদন্ত কৰি ২০১১ ত তদন্তকাৰী আৰক্ষীয়ে দাখিল কৰিছিল অভিযোগনামা। অভিযোগনামাত আৰক্ষীয়ে যতীন দুৱৰী ওৰফে ৰংমন, লীলা খান, দীপাঞ্জলি গোহাঁই, মুহি সন্দিকৈ, প্ৰশান্ত ভূঞা, মোহন চুতীয়া, চন্দ্ৰ নাথ গগৈ, হেমেন গগৈ, গোবিন কলিতা, জয় চন্দ্ৰ চুতীয়া, অপ্সৰা বৰুৱা, জয়া চুতীয়া, জিতেন চুতীয়া, মীন বৰুৱা আৰু ৰছিদ ভৰালীৰ নাম উল্লেখ কৰি তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।ইয়াৰ পৰৱৰ্তী সময়ত নিম্ন আদালতে গোচৰটোৰ বিচাৰ চলাই ইয়াৰে মাত্ৰ ৬ গাৰকীক দোষী সাব্যস্ত কৰিছিল।