অসম

ধেমাজিৰ ধৰ্মপ্ৰাণা মহিলা দিপ্তী গোঁহাইৰ দেহাৱসান...

Asomiya Pratidin

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি নগৰ ৩নং ৱাৰ্ডৰ নিবাসী ধৰ্মপ্ৰাণ মহিলা দিপ্তী গোহাঁই(৫৩) বয়সত দেওবাৰে মৃত্যু হোৱা খবৰে অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে ৷ উল্লেখ্য যে যোৱা ২০ ফেব্ৰুৱাৰীত হঠাতে হোৱা অসুখৰ বাবে ধেমাজিৰ ব্যক্তিগত নাচিংহোম  বি.চি কেয়াৰত ততাতৈয়াকৈ পৰিয়ালে  ভৰ্ত্তি কৰিছিল ৷

ধেমাজি  নাচিংহোমত দুদিন ধৰি  চিকিৎসা কৰা পিছতো স্বাস্থ্য কোনো উন্নতি নোহোৱাত ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় ব্যক্তিগত নাচিংহোম সৃষ্টি নাচিংহোমত ভৰ্তি কৰে ৷  যোৱা ২ মাৰ্চৰলৈকে দহদিন ধৰি সৃষ্টি নাচিংহোমত  চিকিৎসাৰ পিছতো অসুখৰ  কোনো উন্নতি নেদেখাত পুনৰ ২ মাৰ্চত বিয়লি  অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত ভৰ্ত্তি কৰেগৈ ৷

যোৱা কালিৰে পৰা অসম চিকিৎসালয়  ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাতেই দেওবাৰে পুৱাতেই মহিলা গৰাকীয়ে মৃত্যুক আকোঁৱালি ল’ব লগা হয়৷ অতি সহজ সৰল ধৰ্মপ্ৰাণ মহিলা গৰাকীয়ে মৃত্যু সময়ত স্বামী সৈতে এজন পুত্ৰ , এগৰাকী কন্যা আৰু  পৰিয়ালৰ অনেকজনক এৰি গৈছে ৷