আৰম্ভ তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱঃ উখল মাখল ধেমাজিৰ কাছাৰী ময়দান... 
ধেমাজি

আৰম্ভ তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱঃ উখল মাখল ধেমাজিৰ কাছাৰী ময়দান...

“গ্ৰন্থক বাদ দি জীৱন গঢ়াৰ উপায় নাই “- উৎপল শৰ্মা

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি: ''গ্ৰন্থক বাদ দি জীৱন গঢ়াৰ উপায় নাই, সংগ্ৰাম কৰি জীয়াই থকা ভাষাটোৱেই হ'ল অসমীয়া ভাষা।'' এই মন্তব্য সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাৰ ৷

ধেমাজি কাছাৰী ময়দানত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে পৰা ৩ নৱেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া ৯ দিনীয়া তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ-২০২৪ ৰ উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে অংশ কৰি তেওঁ কয় যে, ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালেই নহ'ব, অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব পাৰিব লাগিবষ

শনিবাৰে পুৱা ১০ বজাত গ্ৰন্থ উৎসৱৰ দ্বাৰ মুকলি কৰে ধেমাজিৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ উমেশ চেতিয়াই। ভাষণত তেওঁ কয় যে, বতৰ্মান সময়ত গ্ৰন্থৰ প্ৰতি ভয়ংকৰ দুৰ্যোগ নামি আহিছে ৷ অসমৰ পুৰণি শব্দবোৰ লুকাই যাব ধৰিছে।

পুৱা ১০.৩০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ দাসে ৷ গ্ৰন্থ উৎসৱৰ পতাকা উত্তোলন কৰে অভ্যর্থনা সমিতিৰ সভাপতি ড° দীপক বৰগোহাঁইয়ে ৷

পুৱা ১১ বজাত ছহিদ তর্পণ কৰে সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে ৷ দিনৰ ১ বজাত উদ্বোধনী অনুষ্ঠানৰ উদ্বোধন কৰে ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে ৷

উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে অভ্যর্থনা সমিতিৰ সভাপতি ড° দীপক বৰগোহাঁইয়ে ৷ উদ্বোধনী সভাত ধেমাজিৰ মৰিঢ়ল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দ্বীপেন শইকীয়া, ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈ, ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সভাপতি ড° কবিতা গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দীপক শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক নয়নজ্যোতি দাস, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, উপদেষ্টা ৰবি কছাৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নন্দেশ্বৰ বৰগোহাঁই, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী দুৱৰা, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, উপদেষ্টা ৰবি কছাৰী, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷

অনুষ্ঠানৰ আঁত ধৰে জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ঋতুপৰ্ণ কোঁচ আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে ৷ আবেলি ধেমাজিৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পাঁচ সহস্ৰাধিকৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা বিশাল গ্ৰন্থ শোভাযাত্রাৰ উদ্বোধন কৰে চক্রপাণি পৰাশৰে ৷

সন্ধিয়া অনুষ্ঠিত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বনজিৎ ভট্টই ৷ আমন্ত্রিত শিল্পী পম্পী পূৰৱী, ৰিতম বড়াৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয় ৷

ইফালে দ্বিতীয়দিনা ২৭ অক্টোবৰ দেওবাৰে পুৱা ১০ বজাত চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হ'ব ৷ পুৱা ১১ বজাত প্ৰাচীৰ পত্রিকা প্রতিযোগিতাৰ উদ্বোধন কৰিব সদৌ অসম ছাত্র সন্থাৰ সাহিত্য সম্পাদিকা নিহাৰিকা শইকীয়াই ৷

আবেলি ৪ বজাত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত হ'ব বিচিত্রানুষ্ঠান । সন্ধিয়া ৬ বজাত ধেমাজি জিলা কবি সন্মিলনৰ উদ্যোগত বিশিষ্ট কবি ডাঃ প্রণয় ফুকনৰ সঞ্চালনাত অনুষ্ঠিত হ'ব লগা কবি সন্মিলনৰ উদ্বোধন কৰিব সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰাই ৷

উক্ত সন্মিলনত অসমৰ বিশিষ্ট কবি উজ্জ্বল পাওগাম, কৌশিক কিশলয়, অংকুৰ ৰঞ্জন ফুকন, প্রশান্ত শইকীয়া, বৈদ্যব্রাইট বুঢ়াগোহাঁই, সুমন দত্ত, ৰাতুল কুমাৰ লাহনে আমন্ত্রিত কবি হিচাপে অংশগ্ৰহণ কৰিব ৷ অসমৰ লগতে দেশৰ অর্ধশতাধিক আগশাৰীৰ পুথি প্রকাশন গোষ্ঠী আৰু বিক্রেতাই অংশগ্রহণ কৰিব লগা এই গ্রন্থমেলাৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্রাংকন, ৰচনা, কুইজ, তর্ক, প্রাচীৰ পত্রিকা আদি প্রতিযোগিতাৰ লগতে ব্যক্তিত্ব আৰু নেতৃত্ব বিকাশ কর্মশালা, কেৰিয়াৰ পৰামৰ্শ, গ্রন্থ শোভাযাত্রা, জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, বিজ্ঞান সমাৰোহ, চিত্র প্রদর্শনী, সাংস্কৃতিক অনুষ্ঠান, ভাওনা প্রদর্শন আদি বিস্তৃত কাৰ্যসূচীৰ মাজেৰ "তৃতীয় ধেমাজি গ্রন্থ উৎসৱ-২০২৪"ক এক সুকীয়া মাত্রা প্রদান কৰা হ'ব বুলি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷