ধেমাজিত প্ৰাক প্ৰাথমিক শিশুৰ যতন আৰু শিক্ষা শীর্ষক সমল ব্যক্তিৰ প্ৰশিক্ষণৰ সামৰণি... 
ধেমাজি

ধেমাজিত প্ৰাক প্ৰাথমিক শিশুৰ যতন আৰু শিক্ষা শীর্ষক সমল ব্যক্তিৰ প্ৰশিক্ষণৰ সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা:  সমগ্ৰ শিক্ষা,অসমৰ উদ্যোগত তথা ধেমাজি জিলাৰ সহযোগত তিনিখন জিলা ক্ৰমে বিশ্বনাথ চাৰিআলি, লখিমপুৰ আৰু ধেমাজি জিলাৰ  ৮৬ গৰাকী শিক্ষক, শিক্ষয়িত্ৰীক প্ৰাক প্ৰাথমিক শিশুৰ যতন আৰু শিক্ষা সম্পৰ্কীয় পাঁচ দিনীয়া আৱাসিক প্ৰশিক্ষণ অনুষ্ঠিত হয়। যোৱা ৯ আগষ্ট তাৰিখৰ পৰা "হোটেল শিখা "ত অনুষ্ঠিত প্ৰথম দিনাৰ প্ৰশিক্ষণত ধেমাজি জিলাৰ জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে অনুষ্ঠানিক ভাবে উদ্বোধন কৰি প্ৰাক প্ৰাথমিক শিক্ষাক এটি শিশুৰ বুনিয়াদৰ গঢ়াৰ প্ৰাথমিক ঢাপ বুলি উল্লেখ কৰে।

ভাষণত তেওঁ এনে শিক্ষাৰ জৰিয়তে শিশুৰ গুণগত মান উন্নয়নৰ বাবে খেল ভিত্তিক শিশুকেন্দ্ৰিক শিক্ষাৰ প্ৰয়োজনীয়তা কথা উল্লেখেৰে উপস্থিত সকলো সমল ব্যক্তিক নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰিবলৈয়ো আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থকা ধেমাজি জিলাৰ জিলা শিক্ষা বিষয়া বিতোপন হাজৰিকাই ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ত উল্লেখ কৰা ধৰণে বিদ্যালয়ৰ 'ক' বা 'ৱালৱাতিকা' শ্ৰেণীৰ শিশুসকলক প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক, শিক্ষয়িত্ৰীৰ জৰিয়তে বিদ্যালয়ত এক অনুকূল পৰিবেশ অৰ্থাৎ নিৰাপদ আৰু সুৰক্ষিত স্থান হিচাপে নিৰ্বাচিত কৰি শিশুসকলক মগজু বিকাশ কৰাত আত্মনিয়োগ কৰাৰ আহ্বান জনায়।    

শিশু কেন্দ্ৰিক বিভিন্ন ক্ৰিয়া কলাপ, ভংগিমা গীত আৰু শিকন সজুঁলি মাজৰে অনুষ্ঠিত প্ৰশিক্ষণত সমগ্ৰ শিক্ষাৰ ৰাজ্যিক আঁচনি বিষয়া (প্ৰাক প্ৰাথমিক শিশুৰ যতন আৰু শিক্ষা) মমী সেনাপতি উপস্থিত থাকি শিশুৰ উপযোগী শিকন সজুঁলি ও আনন্দদায়ক কাৰ্যকলাপ প্ৰয়োগেৰে শিকনৰ ভেঁটি শক্তিশালী কৰিব বুলি উল্লেখ কৰি যদিহে শৈশৱকালীন শিক্ষা আৰু অভিজ্ঞতা গুণগত মানদণ্ডৰ নহয় তেন্তে ই মগজুৰ বিকাশত নেতিবাচক প্ৰভাৱ পেলাব আৰু মনত ৰখা, দুৰ্বল অভিজ্ঞ্তাই গোটেই জীৱনৰ বাবে এক দুৰ্বল ভেঁটি গঢ়ি তোলাৰ সম্ভাৱনা কথা ব্যক্ত কৰে ।

প্ৰশিক্ষণত বিশ্বনাথ জিলাৰ ৩৩গৰাকী, লখিমপুৰ জিলাৰ ২৩ আৰু ধেমাজি জিলাৰ ৩০ গৰাকী সমল ব্যক্তিক ৮ গৰাকী প্ৰশিক্ষক ক্ৰমে ইন্দ্ৰজিৎ গাম, নয়নমনি বৰা, দৈমালো মুছাহাৰী, থানেশ্বৰ হাজৰিকা, কৃষ্ণা লোহাৰ, কুন্তলতা দত্ত কাকতি, জোনমনি পেগু আৰু যন্মেজয় বসুমতাৰীয়ে প্ৰশিক্ষণ প্ৰদান কৰে ।

চতুৰ্থ দিনাৰ প্ৰশিক্ষণত CSF ৰ ৰাজ্যিক মুখ্য বিষয়া ইন্দ্ৰ নাথ চেটাৰ্জী উপস্থিত থাকি সমগ্ৰ প্ৰশিক্ষণ শিবিৰ পৰ্যবেক্ষণ কৰে আৰু সমল ব্যক্তিসকলক বিভিন্ন ধৰণে পৰামৰ্শ প্ৰদান দিয়ে। ইয়াৰ লগতে ধেমাজি জিলাৰ জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষা মায়া ৰাণী পাৱে আৰু লখিমপুৰ জিলা জিলা আঁচনি বিষয়া গুনজিত ঠাকুৰীয়াও উপস্থিত থাকে।    

প্ৰশিক্ষণৰ মঙলবাৰে শেষৰ কাৰ্যসূচীত সমল ব্যক্তিসকলে প্ৰস্তুত কৰি উলিওৱা শিশুৰ উপযোগী শিক্ষণ শিকন সঁজুলিৰ এক সুন্দৰ প্ৰদৰ্শনী উদ্বোধন কৰি ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত ড০ সঞ্জীৱ কুমাৰ ফুকনে উৎসৰ্গিত মনোভাৱেৰে সকলো প্রশিক্ষাৰ্থীক কাম কৰি যাবলৈ আহ্বান ৰাখে যাতে এনে প্ৰশিক্ষণসমূহে শিশুৰ বৌদ্ধিক বিকাশত এক গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

ধেমাজি জিলাৰ জিলা শিক্ষা বিষয়া বিতোপন হাজৰিকাই শিকন সজুঁলিসমূহ পৰিদৰ্শন কৰিসকলোকে প্ৰশংসা কৰে । গীত মাতেৰে জীপাল কৰি সমগ্ৰ প্ৰশিক্ষণৰ মঙলবাৰে  সফল সামৰণি পৰে।

সমগ্ৰ শিক্ষা ধেমাজি জিলাৰ জিলা আঁচনি বিষয়া অৱনী নাথৰ তত্বাবধানত অনুষ্ঠিত হোৱা প্ৰশিক্ষণত জিলা আঁচনি বিষয়া অৰুনিমা দুৱৰা, খণ্ড সমল ব্যক্তি মুকুল সুত, মোহন সোণোৱাল, বিপুল দত্ত, শচীন পেগুৰ লগতে জিলা কৰ্মসূচী নিবন্ধক বৰেন বুঢ়াগোহাঁই, গাণনিক বিষয়া লক্ষী প্ৰসাদ শইকীয়া, নাজিৰ ললিত গোহাঁই  আৰু কাৰ্যালয় কৰ্মী জ্যোতি দিহিঙ্গীয়া উপস্থিত থাকি সমগ্ৰ প্ৰশিক্ষণৰ তদাৰক কৰে।