ধেমাজি

হিতাধিকাৰী সৃষ্টি কৰি অসম চৰকাৰে ৰাজ্যৰ অৰ্থনীতি ধ্বংস কৰিছে : অখিল গগৈ

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি: কৃষক মুক্তি সংগ্রাম সমিতিৰ ধেমাজি জিলা সমিতিৰ ষষ্ঠ  দ্বি-বাৰ্ষিক অধিবেশনখনি ধেমাজি জামুগুৰি পাঁচআলিৰ প্ৰমোদ ভৱনত দেওবাৰে সফল সামৰণি পৰে ৷ উল্লখ্য যে ১১ মে’ৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা অধিবেশনৰ প্ৰথমদিনা পুৱা ৮-০০ বজাত সামুহিক চাফাইৰ আঁত ধৰে জামুগুৰি পাঁচআলি ব্যৱসায়ী সংস্থাৰ সভাপতি শিশুপাল জৈনে ৷

পুৱা ৯-০০ বজাত গছপুলি ৰোপন কৰে প্ৰকৃতি প্ৰেমী নিত্যা পাৱে ৷ পুৱা ১০-০০ বজাত পতাকা উত্তোলন কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ ধেমাজি জিলা সমিতি সভাপতি ভৱেন শালৈয়ে ৷

পুৱা ১০-৩০ বজাত শ্বহীদ তৰ্পন মুকলি কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ ধেমাজি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি যদুমণি গগৈয়ে ৷ পুৱা ১১-০০ বজাত প্ৰতিনিধি পঞ্জীয়ন ৷  প্ৰতিনিধি পঞ্জীয়নৰ শিবিৰ উদ্বোধন কৰে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যতম সভাপতি ভৱেশ পেগুৱে । 

দিনৰ ১২:০০ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য  সাংগঠনিক সম্পাদক আকাশ দলেয়ে ৷ বিয়লি  ১:৩০ বজাত মঞ্চ উদ্বোধন কৰে জামুগুৰি পাঁচআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক বিপিন চন্দ্ৰ বৰাই ৷ বিয়লি  ২-০০ বজাত ধেমাজি জিলাৰ নিৰ্বাচিত কৃষক সকলক সম্বর্দ্ধনা অনুষ্ঠানৰ আঁত ধৰে আদৰণি সমিতিৰ সম্পাদক নাৰায়ণ বৰাই ৷

আনহাতে বিয়লি  ৪-০০ বজাত ন-পুৰণি সতীর্থ সম্মিলনৰ আঁত ধৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ ধেমাজি জিলা সমিতিৰ সম্পাদকদ্বয় পাপু ডেকা আৰু দূর্গা বৰাই ৷ সন্ধিয়া ৬-০০ বজাত  বন্তি প্রজ্বলন তথা স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ বন্তি প্রজ্বলন কাৰ্য্যসূচী সমাপন কৰে শ্রীশ্রী কাঠ সত্র কলা কৃষ্টি বিকাশ কেন্দ্রৰ ডেকা সত্ৰাধিকাৰ কৰুণা গোস্বামীয়ে ।

ইফালে দেওবাৰে শেষদিনা কাৰ্য্যসূচী  পুৱা ৮-০০ বজাত সামুহিক চাফাই অভিযানেৰে শুভাৰম্ভ কৰে ৷ এই কাৰ্য্যসূচী আঁত ধৰে আদৰনী সমিতিৰ সভাপতি যোগানন্দ বৰুৱাই ৷ পুৱা ৯-০০ বজাত  বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়  ৷ দুপৰীয়া ১-৩০ বজাত কৃষক মুক্তি সংগ্রাম সমিতিৰ ধেমাজি জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতি ভবেন হালৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰাই  ৷

মুকলি সভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ অখিল গগৈয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিজেপি চৰকাৰৰ দুৰ্নীতি সমুহৰ লগতে মিছা প্ৰতিশ্ৰুতি সমুহৰ কথা উল্লেখ কৰে ৷ হিতাধিকাৰী সৃষ্টি কৰি অসম চৰকাৰে ৰাজ্যৰ অৰ্থনীতি ধ্বংস কৰিছে বুলি উল্লেখ কৰি স্বাৱলম্বী আৰু কৰ্মমূখী অসমীয়া জাতি গঠনৰ আহ্বান জনায় ৷

বিজেপি চৰকাৰে অসমীয়া জাতিটোক পংগু কৰি সাম্প্ৰদায়িক বৰ্ণবাদ আৰু জাতিবাদৰ সৃষ্টিয়ে সম্প্ৰীতিৰ এনাজৰী ধবংস কৰাৰ অভিযোগ কৰে ৷ কৃষক মুক্তি সংগ্রাম সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজু বৰা,  কৃষক মুক্তি সংগ্রাম সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ৷ আনহাতে সভাত সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক বিষ্ণু শৰ্মাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷

মুকলি সভাত কৃষক মুক্তি সংগ্রাম সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমৰ কাৰ্যকৰী সভাপতি ৰুদ্ৰ ভূঞা, ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি যুগল গগৈ, সম্পাদক মন্টু কাৰ্দং, সম্পাদক অতনু চেতিয়া, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া, কৃষক মুক্তি সংগ্রাম সমিতি অসমৰ উপ-সভাপতি চেইফ পাৱ আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ সন্ধিয়া ৮ বজাৰলৈ সাংস্কৃতিক সন্ধিয়া কাৰ্য্যসূচীৰে অধিৱেশনৰ সফল  সামৰণি পৰে ৷