ধেমাজি

চিলাপথাৰত অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সংস্থাৰ নৱম বাৰ্ষিক ৰাজ্যিক অধিৱেশন

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰঃ অসম ৰাজ্যিক প্ৰাদেশিকৃত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক- কৰ্মচাৰী সংস্থাৰ নৱম দ্বি বাৰ্ষিক ৰাজ্যিক অধিৱেশনখন দেওবাৰে চিলাপথাৰত অনুষ্ঠিত কৰা হয়। অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ, প্ৰতিনিধি পঞ্জীয়নৰ পিছতে আৰম্ভ হয় প্ৰতিনিধি সভা।

প্ৰতিনিধি সভাত ৰাজ্যখনৰ বিভিন্ন জিলাৰ অৰ্ধসহস্ৰাধিক প্ৰতিনিধিয়ে ভাগ লয়। সভাত শিক্ষক-কৰ্মচাৰীসকলৰ বিভিন্ন জ্বলন্ত সমস্যাৰ লগতে সংস্থাৰ সাংগঠনিক দিশৰ ওপৰতো গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। ১৯৮৪ চনত জন্মলাভ কৰা সংগঠনটোৱে সংস্থাৰ ধেমাজি জিলাৰ সভাপতি কুমুদ চন্দ্ৰ দত্তৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহী আত্মাৰ সদগতিৰ কামনা কৰে।

প্ৰতিনিধি সভাৰ মজিয়াৰ পৰাই প্ৰতিনিধিসকলৰ অৱসৰকলীন পেঞ্চন, ভ্ৰমণ, অনুকম্পামূলক ভাট্ৰা, চিকিৎসা,পুৰণি পেঞ্চন নীতি বাহাল ৰখা আদি ১০ দফীয়া এক দাবী চনদ কাৰ্যকৰীকৰণৰ দাবী উত্থাপন কৰে। প্ৰতিনিধি সভাৰ পিছতে অনুষ্ঠিত অধিৱেশনৰ উপলক্ষত দুখনকৈ স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। মুকলি সভাখনত বহু বৰেণ্য ব্যক্তি অতিথি হিচাপে উপস্থিত থাকি সভাৰ শোভাৱৰ্ধন কৰে।