বহিঃৰাজ্যলৈ গৈ পুনৰ সন্ধানহীন এজন : মানৱ সৰবৰাহকাৰী কৱলত পৰাৰ সন্দেহ... 
ধেমাজি

বহিঃৰাজ্যলৈ গৈ পুনৰ সন্ধানহীন এজন : মানৱ সৰবৰাহকাৰী কৱলত পৰাৰ সন্দেহ...

Asomiya Pratidin

ডিজিটেল সংবাদ চিচিবৰগাওঁঃ বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি যোৱা চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ ৩ নং বেতনিপাম গাঁৱৰ এজন লোক যোৱা ২ অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে উৎকণ্ঠাৰ সৃষ্টি কৰিছে । সন্ধানহীন হৈ থকা ৩ নং বেতনিপাম গাঁৱৰ এই লোকজনৰ নাম ৰমেশ দিহিঙীয়া (৪০)।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি দৰিদ্ৰ পৰিয়ালৰ লোকজনে কৰ্মসংস্থাপনৰ অভাৱত দীৰ্ঘদিনৰ পৰা বহিঃৰাজ্যত কাম কৰি আহিছে । এইবাৰ ঘৰলৈ অহাৰ পিছত যোৱা ৩০ ছেপ্টেম্বৰত ৰমেশে কাম বিচাৰি ডিব্ৰুগড়ৰ পৰা বিৱেক এক্সপ্ৰেছেৰে কণ্যাকুমাৰীলৈ বুলি যায় ।

কিন্তু হঠাতে ২ অক্টোবৰৰ দিনা ৰমেশে ফোনযোগে পৰিয়ালক জনায় যে, তেওঁ পশ্চিমবংগৰ ডাউন টাউন ৰে'লৱে ষ্টেছনত নামি দিয়ে । তেওঁক চাৰিজন লোকে খেদি গৈছে আৰু তেওঁ হাবিৰ ফালে দৌৰিছে ।

তাৰ পিছৰ পৰা কোনো সন্ধান পোৱা নাই লোকজনৰ । আনহাতে উক্ত দিনাই অন্য এটা ফোনৰ পৰা নিজকে অ'ট চালক বুলি পৰিচয় দিয়া এজন লোকে ৰমেশক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা বুলি জনায় যদিও তাৰ পিছৰ পৰা সেইটো ফোনো বন্ধ হৈ পৰে ।

সেই সন্দৰ্ভত ৰমেশৰ পত্নীয়ে চিলাপথাৰৰ ৰে'লৱে আৰক্ষী আৰু চিলাপথাৰ আৰক্ষী থানাত জনায় যদিও আজিলৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই নিৰুদ্দিষ্ট ৰমেশৰ। সকলোফালে চেষ্টা কৰি বিফল হৈ ভাগি পৰিছে তিনিটা শিশুসহ ৰমেছৰ পত্নী ।

ৰমেশ কোনো মানৱ সৰবৰাহকাৰী অথবা মানৱ অংগ সৰবৰাহকাৰীৰ হাতত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালটোৱে । নিৰুদ্দিষ্ট ৰমেশক বিচাৰি উলিয়াবলৈ বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে ৰমেশৰ পত্নীয়ে ।