অনিয়মীয়া বিদ্যুৎ যোগান, মাচুল বৃদ্ধিৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদ... 
ধেমাজি

অনিয়মীয়া বিদ্যুৎ যোগান, মাচুল বৃদ্ধিৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ অনিয়মীয়া বিদ্যুৎ যোগান আৰু বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে ধেমাজি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কয্যসূচী ৰূপায়ণ কৰে ৷ উল্লেখ্য যে ধেমাজি জিলাৰ বিভিন্ন অঞ্চলত বিদ্যুৎ যোগানৰ নামত ৰাইজে পাইছে কেৱল বিদ্যুতৰ লুকা-ভাকু ।

গ্ৰাম্যঅঞ্চলত ২৪ ঘন্টাৰ ভিতৰত ৫ ঘণ্টাই নাথাকে নিয়মিত বিদ্যুৎ সেৱা। কেতিয়াবা আকৌ যদি বিদ্যুৎ থাকে, নাথাকে প্ৰয়োজনীয় ভল্টেজ। আনহাতেদি বিদ্যুৎ বিভাগে গ্ৰাহকসকলক স্মাৰ্ট মিটাৰ লগোৱাৰ বাবে ভয় ভাবুকি দিয়াৰো অভিযোগ উঠিছে ৷

ইফালে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত গ্ৰাহকসকলে মাহত বিদ্যুতৰ নামত দুই তিনি গুণ অত্যাধিক খৰছ ভৰিবলগীয়া হোৱাৰো অভিযোগৰ উত্থাপন হৈছে। সেইবাবে ধেমাজি জিলা ছাত্ৰ সন্থাই ধেমাজিত স্মাৰ্ট মিটাৰ লগোৱাৰ পদ্ধতি উন্নত নোহোৱা পৰ্যন্ত ধেমাজি ৰাইজক স্মাৰ্ট মিটাৰ নলগাবলৈ আহবান জনাইছে ৷

ধেমাজি বিদ্যুৎ বিভাগৰ এনে কৰ্ম কাণ্ডৰ বিৰুদ্ধে শনিবাৰে আছুৰ প্ৰতিবাদকাৰীসকলে পৰিবেশ উত্তাল কৰি তোলে। প্ৰখৰ ৰ'দকো নেওচি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে বিদ্যুৎ বিভাগৰ অভিযন্তাই আহি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাতেহে বিক্ষোভ কাৰ্য্যসূচী সামৰণি পৰে ৷