ধেমাজি

ৰাজ্য কঁপোৱা চিলাপথাৰ কাণ্ডৰ ৭ টা বছৰ সম্পূৰ্ণ: চিলাপথাৰত আছুৰ সংকল্প দিৱস

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ ৰাজ্য কঁপোৱা চিলাপথাৰকাণ্ডৰ ৭ টা বছৰ সম্পূৰ্ণ। এই উপলক্ষে বুধবাৰে চিলাপথাৰত আছুৰ সংকল্প দিৱসত অনুষ্ঠিত হয়।

২০১৭ চনৰ আজিৰ দিনটোতে (৬ মাৰ্চ) ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছিল চিলাপথাৰ‌ কাণ্ড। 'নিব্বাচ' নামৰ কুখ্যাত সংগঠনটোৰ নেতৃত্বত এই দিনটোতে হিন্দু বাংলাদেশী নাগৰিকত্ব প্ৰদানৰ দাবীত বিশাল জনসভা আয়োজন কৰি চিলা জনজাতি হাইস্কুলৰ খেলপথাৰত এক বিশাল সমদল বাহিৰ কৰিছিল। সেই সমদলে অসম বিৰোধী শ্ল’গান দিয়াতে ক্ষান্ত নাথাকি চিলাপথাৰ আছুৰ কাৰ্যালয়লৈ আহি সমদলকাৰীয়ে আকস্মিক ভাৱে শিলাবৰ্ষণ কৰিছিল শ্বহীদ বেদীত ৷

অসমীয়া স্বাভিমান গামোচা ভৰিৰে মোহাৰি সুধাকণ্ঠ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি ফালি,লণ্ডভণ্ড কৰি অসমীয়া জাতিটোক চূড়ান্ত অপমান কৰিছিল ৷ জাতিৰ স্বাভিমানত আঘাত সনা সেই ঘটনাৰ আজি ৭ টা বছৰত ভৰি দিলে ৷

ৰাজ্যজুৰি কঁপোৱা চিলাপথাৰ কাণ্ডৰ পিছত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিৰ্দেশত এটি বিধায়িনী দলে চিলাপথাৰ আছুৰ কাৰ্যালয় পৰিদৰ্শন কৰি অতি শীঘ্ৰে শ্বহীদ বেদী,ভূপেন হাজৰিকা, জ্যোতি-বিষ্ণুপ্ৰসাদৰ প্ৰতিমূৰ্তি নিমাৰ্ণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিজেপি নেতৃত্বতাধীন চৰকাৰখনে আজি পৰ্যন্ত চৰকাৰৰ ঘৰৰ পৰা এটুকুৰা ইটা পেলাবলৈ সক্ষম নহ’ল বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ধেমাজি জিলা সভাপতি-সম্পাদক ক্ৰমে দীপক শৰ্মা,সঞ্জীৱ দাস আৰু জয়ন্ত বৰগোহাঁয়ে ৷

সংকল্প দিৱস অনুষ্ঠানত বিভিন্ন জাতি- জনগোষ্ঠীয় দল সংগঠন তথা চিলাপথাৰবাসী ৰাইজে একত্ৰিত হৈ অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী সকলোৱে মিলি আমি একেলগে আহিছো,একেলগে আছো আৰু একেলগে থাকিম হাতে হাত ধৰি আগুৱাম বুলি শান্তি- সম্প্ৰীতিৰে অসম গঢ়িম শ্ল’গানৰে সংকল্প লোৱা দেখা গ’ল ।