ধেমাজি

বাট-পথ মেৰামতি বাবে ওলাই আহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰ নগৰৰ বিধস্ত বাট পথ মেৰামতি বাবে ওলাই আহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী। প্ৰখৰ ৰ'দত শ্ৰমদান কৰিবলৈ আহিল ছাত্ৰ কৰ্মীৰ দল।

ৰাইজক যমৰ যাতনা ভোগাইৰ অহা জিলাৰ ভিতৰতে সৰ্বাধিক ৰাজহ সংগ্ৰহ হোৱা চিলাপথাৰ নগৰৰ শোচনীয় পথ নিৰ্মাণ কৰিলে যুৱ ছাত্ৰৰ শতাধিক কৰ্মীয়ে। হাতে হাতে কোৰ,বেলছা, আদি লৈ আকাজনৰ পৰা চিলাপথাৰ নগৰলৈ মৰণফন্দলৈ পৰ্যবসিত পথৰ অংশবোৰ মেৰামতি কৰিলে।

লক্ষ্যণীয় যে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অকাজানৰ পৰা চিলাপথৰ নগৰলৈ প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা বৰ্তমান ব্যৱহাৰৰ উপযোগী হৈ থকা নাই। ঠায়ে ঠায়ে দুই ৩ফুট পৰ্যন্ত দ' আৰু বোকা পানীৰে পৰিপূৰ্ণ শোচনীয় অৱস্থাই নিতৌ সংঘটিত কৰিছে গুৰুতৰ দুৰ্ঘটনা।

দীৰ্ঘদিনে মেৰামতিৰ অভাৱত এৰাই অহা পথৰ আলকতৰা,বালিৰ অবশিষ্টই ব্যাহত কৰি তুলিছে যাতায়াত। বৰ্তমান গো-বাটতকৈ নিম্নমানৰ হৈ পৰা মূল নগৰপথৰ এই অৱস্থাই অতিষ্ঠ কৰি তুলিছে ৰাইজক। ৰাইজে হাজাৰ প্ৰাৰ্থনা জনোৱাৰ পিছতো গুৰুত্ব দিয়া নাই চৰকাৰী বিভাগে।

ৰাইজক যমৰ যাতনা ভোগাইৰ অহা পথছোৱা শীঘ্ৰে মেৰামতিৰ দাবী জনাইছে। ইয়াৰ অন্যথা জঙ্গী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিছে ছাত্ৰ সংঘটনটোৱে।