ঢকুৱাখনাত অগপৰ ধেমাজি জিলা আৰু বিধান পৰিষদৰ প্ৰতিনিধি সভা...  
ধেমাজি

ঢকুৱাখনাত অগপৰ ধেমাজি জিলা আৰু বিধান পৰিষদৰ প্ৰতিনিধি সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যখনৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ধেমাজি জিলা পৰিষদ সমিতি ,ধেমাজি বিধান পৰিষদ সমিতি আৰু জোনাই বিধান পৰিষদ সমিতিৰ এখন যৌথ প্ৰতিনিধি সভা দেওবাৰে ঢকুৱাখনা মহকুমাত অনুষ্ঠিত হৈ যায় । মহকুমাটোৰ পশ্চিম মাছখোৱা অঞ্চলৰ গন্ধিয়া নৱজ্যোতি সংঘৰ প্ৰাংগণত অনুষ্ঠিত দলীয় প্ৰতিনিধি সভাৰ পতাকা উত্তোলন কৰে ধেমাজি জিলা গণ পৰিষদৰ সভাপতি লক্ষীধৰ শেনচোৱাই ।

ইয়াৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে  বিধান পৰিষদৰ যুটীয়া সম্পাদক  ঘন সোণোৱাল আৰু অৰুণ পেগুৱে । পৰৱৰ্তী সময়ত যুৱ সংঘ চৌহদত গছপুলি ৰোপণ কৰে হাৰ্হি জিলা পৰিষদৰ সদস্যা টিটু মণি গোঁহাই চেতিয়া , হাৰ্হি মণ্ডল অগপৰ সভাপতি নোমল গগৈ আৰু ধেনুখণা বাটমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী হেপী কোঁৱৰে।

ধেমাজি জিলা অগপ ,বিধান পৰিষদ আৰু জোনাই বিধান পৰিষদৰ অন্তৰ্গত ৪ শতাধিক দলীয় প্ৰতিনিধিৰ উপস্থিতিত প্ৰতিনিধি সভা উদ্বোধন কৰে অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মহেশ দলেয়ে । সভাত ধেমাজি বিধান পৰিষদ সমিতিৰ সভাপতি তুলন কোঁৱৰ, জিলা পৰিষদ সমিতিৰ সভাপতি লক্ষীধৰ শেনচোৱা, লখিমপুৰ জিলা পৰিষদৰ সদস্যা টিটু মণি গোঁহাই চেতিয়া,  জোনাই বিধান পৰিষদৰ সভাপতি হৰেন কছাৰী, জ্যেষ্ঠ নেতা লক্ষী সন্দিকৈ, ধেমাজি জিলা মহিলা পৰিষদৰ সভানেত্ৰী দীপামণি বুঢ়াগোঁহাই, বিধান পৰিষদৰ সম্পাদিকা বন্তি চাংমাই আৰু আঞ্চলিক সমিতিসমূহৰ সভাপতি সম্পাদক সকলে বক্তব্য আগবঢ়াই ।

ধেমাজি বিধানসভা সমষ্টিটোত আঞ্চলিক দলটোৰ মজবুত গনভিত্তি আৰু সাংগঠনিক ভেঁটিয়ে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা দোহাৰি আছে বুলি বিভিন্ন বিষয়ববীয়াই মন্তব্য কৰে । অগপ দলৰ প্ৰাণ প্ৰতিষ্ঠাপক তথা ধেমাজি বিধানসভা সমষ্টিৰ প্ৰাক্তন প্ৰয়াত বিধায়ক দিলীপ শইকীয়া সোণোৱালৰ ত্যাগ আৰু আদৰ্শৰ ভেঁটিত সমষ্টিটোত অক্ষুন্ন থকা সবল সাংগঠনিক বুনিয়াদৰ ভিত্তিত সমষ্টিতো পুনৰোদ্ধাৰ কৰি নিজৰ দখললৈ নিয়াৰ সপক্ষেও বিভিন্ন বক্তাই বক্তব্য ৰাখে ।

একাংশ দলীয় নেতৃত্বই আগত সময়ত একক শক্তিৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ সপক্ষেও নিজস্ব মতামত আগবঢ়াই । আঞ্চলিক ৰাজনৈতিক শক্তিৰ জৰীয়তেহে  খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়াৰ অস্তিত্ব আৰু ভবিষ্যত সুৰক্ষিত হ'ব বুলি সভাই সহমত পোষণ কৰি এখন প্ৰগতিশীল অসম গঢ়াত আঞ্চলিকতাবাদৰ বিকল্প নাই বুলি সভাই দৃঢ়তাৰে ঘোষণা কৰে ।

সমষ্টিটোত দলৰ সাংগঠনিক ভেঁটি মজবুত কৰিবলৈ আঞ্চলিকতাবাদত বিশ্বাসী নাগৰিকৰ সতে মত বিনিময় কৰা , আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ সকলো নেতা কৰ্মীক অধিক সক্ৰিয়তাৰে সাংগঠনিক কামত আত্মনিয়োগ কৰাৰ বাবে সভাই পৰামৰ্শ আগবঢ়াই বহু কেইটা সাংগঠনিক প্ৰস্তাৱ গ্ৰহণ কৰে ।

প্ৰতিনিধি সভাৰ আদৰণি সমিতিৰ সভাপতি, যুৱনেতা  সমুজ্জল চেতিয়া আৰু সম্পাদক  পবিত্ৰ চুতীয়াই উপস্থিত নেতৃবৰ্গক  ফুলাম গামোচাৰে উষ্ণ আদৰণি জনোৱা সভাতেই আঞ্চলিকতাবাদৰ সাংগঠনিক গতি আৰু ভেঁটি অধিক তৰান্বিত আৰু শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰা হয় । সভাতেই অসম জাতিয় পৰিষদ ,জাতিয় কংগ্ৰেছ আৰু বিজেপি দলৰ ৮০ গৰাকী ব্যক্তিয়ে আঞ্চলিক দলটোত আনুষ্ঠানিক ভাৱে যোগদান কৰে ।