ভূমি পট্টা প্ৰদানৰ দাবীত গেৰুকামুখৰ পাচনি কেম্পত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট... 
ধেমাজি

ভূমি পট্টা প্ৰদানৰ দাবীত গেৰুকামুখৰ পাচনি কেম্পত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট...

Asomiya Pratidin

ডিজিটেল সংবাদ গোগামুখঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোগামুখ মিংমাঙ আঞ্চলিক সমিতিৰ উদ্যোগত গেৰুকামুখৰ পাচনি কেম্পত আজি দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়। বৃহত্তৰ মিংমাঙ অঞ্চলৰ কৈলাশপুৰ, পাৰ্বতিপুৰ, দিৰপাই, বিষ্ণুপুৰ,পাচনি কেম্প, দুই নং চেঙেলীখুটি ৰাজহ গাঁৱৰ খিলঞ্জীয়া লোকসকলে বছৰ বছৰ ধৰি বসবাস কৰি অহাৰ পাছতো একবিংশ শতিকাত ভূমি ম্যাদি নোহোৱাত প্ৰায় ২০হাজাৰতকৈ অধিক লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে।

তদুপৰি অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যাত বিভিন্ন সময়ত মিংমাঙ অঞ্চলটোত উত্তেজনা পৰিস্থিতি সৃষ্টি হৈ আহিছে। অলপতে গেৰুকামুখ থানাৰ অন্তৰ্গত কৈলাশপুৰৰ এটা বৃহৎ অঞ্চল অৰুণাচলৰ লোকে আগ্ৰাসন কৰাৰ চেষ্টা কৰিছিল আৰু দুয়োখন ৰাজ্যৰ ৰাইজৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল।

সোৱণশিৰি নদীৰ লগতে সুঁতি সমূহত গৰাখহনীয়াৰ ফলত বহু লোকৰ খেতি পথাৰ নদীত জাহ যোৱাৰ উপক্ৰম ঘটিছে। এই তিনি দফীয়া দাবীৰ স্থায়ী সমাধানৰ দাবীত হাতে হাতে প্লে' কাৰ্ড লৈ অসম চৰকাৰ হায় হায়,অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰেই সমাধান কৰক, গৰা খহনীয়াৰ ৰোধ কৰক, অৰুণাচলী আগ্ৰাসী হুচিয়াৰ ইত্যাদি প্ৰতিবাদী শ্লোগানেৰে পাচনি কেম্পৰ পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদস্থলীত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিষ্ণু শৰ্মা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক শৰৎ চুতীয়া, ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি তিলক কাকতি, উপদেষ্টা ৰঞ্জন বৰা, বিত্ত সম্পাদক দেৱজিৎ চুতীয়া, মিংমাঙ আঞ্চলিক সমিতিৰ সভাপতি লক্ষ্যজিৎ সোণোৱাল, সম্পাদক অমৰ কোঁৱৰ, সোৱণশিৰি বনাঞ্চল সুৰক্ষা সমিতিৰ সভাপতি জীৱন দুৱৰাসহ শতাধিক ছাত্ৰ কৰ্মী উপস্থিত থাকে। প্ৰতিবাদৰ অন্তত গোগামুখ ৰাজহ চক্ৰৰ বিষয়াক তিনি দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে।