ধেমাজি

লিকাবালিৰ আকাশী গংগাত পুত: স্নানৰ বাবে ভক্তৰ ভিৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ আজি মাঘৰ মকৰ সংক্ৰন্তি। বিগত বছৰ দৰে এইবছৰো অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী আকাশীগংগাত পুণ্য স্নানৰ দৰে সমবেত হৈছে অলেখ ভক্ত। লিকাবালিৰ -আলং সীমান্ত পথেৰে ৭ কিলোমিটাৰ উত্তৰলৈ গৈ আঠ শতাধিক খট খটি বগাই তললৈ গলেই পোৱা যায় এক মনোমোহা জলপ্ৰপাত। এই জল প্ৰপাতৰ নামেই হল আকাশী গংগা।

লোকবিশ্বাস অনুসৰি এই জলপ্ৰপাতত স্নান কৰিলে জীৱনকালত মানুহে কৰা জ্ঞাত অজ্ঞাত সকলো পাপ মোচন হয়। সেই বাবেই পবিত্ৰ আকাশীগংগা নামেৰে যুগ যুগ ধৰি ভক্তৰ সমাদৰ লাভ কৰি আহিছে। এই পুণ্য স্থানত আজিও মাজনিশাৰ পৰাই অগণন ভক্তৰ সমাগম দেখা গ'ল। আকাশী গংগাৰ থকা শিৱ মন্দিৰত নৈবেদ্য আগবঢ়াই জলধাৰাত স্নান কৰিবলৈ অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অলেখ ভক্তই লানি নিচিগা শাৰী পূৰোৱা দেখা গ'ল।

অৱশ্যে এইবাৰ জলপ্ৰপাতটো পানীৰ পৰিমান কিছু হ্ৰাস পোৱা দেখা গ'ল। একালত অসমৰ অধীনত আৰু সম্প্ৰতি অৰুণাচল প্ৰদেশৰ ভাস্কৰ্য আৰু পুৰাতত্ব বিভাগৰ অধীনত থকা এই জলপ্ৰপাত দৰ্শনৰ বাবে প্ৰশাসনে তিনি দিনৰ বাবে শিথিল কৰিছে আন্ত:ৰাজ্যিক পাৰ পত্ৰ। অন্যবাৰৰ দৰে লিকাৱালীৰ প্ৰশাসনে এইবাৰ লোৱা নাই প্ৰৱেশ মাচুল।