ছোৱালী বিজয়ী দল 
ধেমাজি

সদৌ অসম আন্তঃজিলা মিনি জুনিয়ৰ ভলীবল প্ৰতিযোগিতা সমাপ্ত...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ যোৱা ৮ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হয় ১৮ সংখ্যক সদৌ অসম আন্তঃজিলা মিনি জুনিয়ৰ ভলীবল প্ৰতিযোগিতা ৷ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত ধেমাজি জিলা ক্ৰীয়া সন্থাৰ সহযোগত আৰু অসম ভলীবল সন্হাৰ তত্বাৱধানত অনুস্থিত হয় ভলিবল প্ৰতিযোগীতা ৷

লৰা বিজয়ী দল

ল’ৰা আৰু ছোৱালী ভলীবল প্ৰতিযোগিতাৰ ল'ৰা শাখাত বিজনী দলে ব্ৰজাৱলী দলক পৰাজয় কৰে ৷ ৩-১ ছেটত পৰাজয় কৰি চূড়ান্ত বিজয়ী হয় বিজনী পুৰুষৰ দলটো ৷

ছোৱালী শাখাত পোনপটীয়াকৈ গোলাঘাটৰ ছোৱালী দলে ব্ৰজাৱলী দলক পৰাস্ত কৰে ৷ ব্ৰজাৱলী দলক ৩-০ ত হৰুৱাই গোলাঘাটৰ ছোৱালী দলে ৷ ল'ৰা শাখাত শ্ৰেষ্ঠ খেলোৱৈ হিচাপে বিজনি দলৰ ফ'মীয় বসুমতাৰী আৰু ছোৱালী শাখাত গোলাঘাট দলৰ প্ৰাৰ্থনা গগৈয়ে নিৰ্বাচিত হয় ৷