চিলাপথাৰত চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ... 
ধেমাজি

চিলাপথাৰত চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ চিলাপথাৰঃ চিলাপথাৰত চাৰিলেন যুক্ত পথ নিৰ্মানত ব্যাপক অনিয়ম আৰু দুৰ্নীতি বিৰুদ্ধে চিলাপথাৰত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ চিলাপথাৰ‌ প্ৰেছ ক্লাবত আয়োজন কৰা এই সংবাদ মেলত নিৰ্মাণ প্ৰতিষ্ঠাটোৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰে।

সংগঠনটোৰ অভিযোগ অনুসৰি 'কালোৱালা' নামৰ কোম্পানীৰ অধীনত প্ৰায় ১৩ শ কোটি টকাৰে নিৰ্মীয়মান কাম চূড়ান্ত অনিয়মৰে অব্যাহত আছে। তেনেই নিম্ন মানৰে চলি আছে নিৰ্মাণ কাৰ্য। প্ৰতিষ্ঠানটোৱে প্ৰশাসনকো কেৰেপ নকৰি চূড়ান্ত মইমতালিৰে কাম কৰি থকাৰো অভিযোগ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ।

উল্লেখ্য যে, নিৰ্মাণ কাৰ্যৰ অনিয়মৰ বিৰুদ্ধে ছাত্ৰ সন্থাই কালোৱালা কোম্পানীক বহুবাৰ আপত্তি জনোৱাৰ পাছতো কোনো গুৰুত্ব নিদিয়াত যোৱা ১৪ মে’ত ধেমাজি জিলা আয়ুক্তকৰ হাতত এখন আবেদন দাখিল কৰিছিল। ইয়াৰ পিছত পুনৰ যোৱা ১০ জুনত চিলাপথাৰ নগৰৰ মাজমজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচি ৰূপায়ণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপৰ কৰিবলৈ এখন স্মাৰক পত্র প্রদান কৰে।

ধেমাজি জিলা আয়ুক্তই নিৰ্মীয়মান কামৰ ওপৰত তদন্ত কৰিবলৈ পাঁচ জনীয়া এখন কমিটী গঠন কৰি দিছিল যদিও আজি পৰ্যন্ত কমিটীখনে কোনো তদন্ত নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। আগন্তুক ৭ দিনৰ ভিতৰত এই ক্ষেত্ৰত জিলা প্ৰশাসনে যদি কোনো ব্যৱস্থা নলয় তেন্তে পথ অৱৰোধ কাৰ্যসূচী ল'ব বুলি সংবাদ মেলৰ যোগেদি সদৰী কৰে।

ৰাইজৰ সম্পদ এটাক নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰি থকাৰ পাছতো কোনো ব্যৱস্থা হাতত নোলোৱাৰ বাবে স্থানীয় বিধায়ক,সাংসদ আদিক দোষাৰোপ কৰে চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ বিষয়ববীয়াই।