ধেমাজি

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত বৰদলনিত লাখপতি বাইদেউৰ প্ৰমাণ পত্ৰ বিতৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ,বৰদলনি: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত বৰদলনিত লাখপতি বাইদেউৰ প্ৰমাণ পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাম কৰা গ্ৰাম্য অঞ্চলৰ শ শ মহিলাৰ কৰ্ম দক্ষতা আৰু জীৱন নিৰ্বাহ কৰা কাৰ্যত আগ্ৰহী হৈ দেওবাৰে বৰদলনি উন্নয়ন খণ্ড, বৰদলনি মণিকাঞ্চন মণ্ডল সংগঠন কাৰ্যালয়ত ৪২৭ গৰাকী আত্মসহায় গোটৰ মহিলাক লাখপতি বাইদেউ'ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

উল্লেখ্যযোগ্য যে যি সমূহ আত্মসহায়ক গোটৰ সদস্য‌ই চৰকাৰৰ আৰ্থিক অনুদানৰ লগতে নিজৰ পুঁজি যোগ কৰি বছৰী ১লাখৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে সেই সকল মহিলাক উৎসাহ যোগোৱা উদ্দেশ্যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বৰদলনি উন্নয়ন খণ্ডৰ বিষয়া গৰাকীয়ে এই পত্ৰ বিতৰণ কৰে।