জোনাই থানাৰ উদ্যোগত নতুন আইন সন্দৰ্ভত সজাগতা সভা সম্পন্ন... 
ধেমাজি

জোনাই আৰক্ষী থানাৰ উদ্যোগত নতুন আইন সন্দৰ্ভত সজাগতা সভা সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ জোনাই: ধেমাজি জিলা আৰক্ষীৰ তত্ত্বাৱধানত আৰু জোনাই আৰক্ষী থানাৰ উদ্যোগত পহিলা জুলাই পৰা প্ৰযোজ্য হোৱা দেশৰ তিনিখন নতুন ফৌজদাৰী আইনৰ সন্দৰ্ভত আজি জোনাই ক্লাব ঘৰত বিশেষ সজাগতা সভা অনুষ্ঠিত কৰা হয়।

জোনাই সদৰ থানা কমিটীৰ সভাপতি কমলা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জোনাই সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক শইকীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি দেশৰ তিনিখন ফৌজদাৰী আইন সলনি কৰি ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত নতুনকৈ তিনিখন আইন প্ৰৱৰ্তন কৰা বিষয়ে উল্লেখ কৰি পূর্বে ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া বিধি আৰু ভাৰতীয় সাক্ষ্য বিধিৰ সলনি কৰি দেশত নতুনকৈ প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মে দেশৰ ন্যায় ব্যৱস্থাক সহজ আৰু সুলভ কৰিব বুলি মন্তব্য কৰে।

সভাত চুবুৰীয়া অৰুণাচল প্ৰদেশৰ অৱসৰ প্ৰাপ্ত আই পি এছ বিষয়া নৱীন পায়েং, মহকুমা আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰ, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাজেশ্বৰ পেগু, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ দলে, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ পেগু, বিশিষ্ট নাগৰিক গিৰীণ মৰাং, সুৰজ দলে, কেশৱ লক্ষ্য নাথ পায়েং, এম এ চিৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, সাংবাদিক তথা জোনাই প্ৰেছ ক্লাবৰ সভাপতি ৰয়েল পেগু, উপ-সভাপতি প্ৰফুল্ল কামান, অজয় বাজাজ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, টি এম পি কেৰ জোনাই জিলা সমিতিৰ সভাপতি সঞ্জয় কুম্বাং, চাপু চাহু, ৰণোজ পাতিৰ আদিৰ লগতে বহু স্থানীয় ৰাইজে উপস্থিত থাকে।

সভাত জোনাই মহকুমা আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰে ব্ৰিটিছে ১৮৬০ চনত প্ৰবৰ্তন কৰা ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া বিধি আৰু ভাৰতীয় সাক্ষ্য বিধিৰ সলনি কৰি দেশত নতুনকৈ প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মে দেশৰ ন্যায় ব্যৱস্থাক সংহতি, আধুনিক ন্যায় সংগত আৰু সমতা স্থাপন কৰিব বুলি মন্তব্য কৰে।

তদুপৰি তেওঁ আইনক শাস্তিমূলক ব্যৱস্থাৰ পৰিবৰ্তে ন্যায় সংগ দৃষ্টিভংগীৰে প্ৰৱৰ্তন কৰা দেশৰ নতুন আইনে ভুক্তভোগীক খৰতকীয়া কৈ উচিত ন্যায় প্ৰদান কৰাত সুফল লাভ কৰিব বুলি কয়। মহকুমা আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰে নতুন আইন তিনিখন দেশৰ সংসদত সমতা আৰু নিৰপেক্ষ আধাৰত নাগৰিক কেন্দ্ৰিক দৃষ্টিভংগী প্ৰবৰ্তন কৰা বুলি উল্লেখ কৰি নতুন আইন তিনিখনৰ বিভিন্ন দিশৰ ওপৰত সাম্যক ব্যাখ্যা আগবঢ়ায়।