ধেমাজি

ধেমাজিত আয়ুষ্মান কাৰ্ড বিতৰণৰ শুভাৰম্ভণি...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা গ্ৰাম্য অভিকৰণৰ প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে আয়ুষ্মান-ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান-অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । উক্ত অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে ধেমাজিৰ বিধায়ক তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই ।

সভাৰ আৰম্ভণিতে ধেমাজি জিলা স্বাস্থ্য সেৱা যুটীয়া সঞ্চালক ডাঃ সৌৰভ গগৈয়ে আয়ুষ্মান কাৰ্ডৰ নিয়মাৱলীৰ সম্পৰ্কে ৰাইজক বিতংকৈ বুজায় ৷ ইয়াৰ পিছতেই ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে বক্তব্য ৰাখি জিলা প্ৰশাসনৰ ফালৰ পৰা আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ সদায় প্ৰস্তুত আছো বুলি উল্লেখ কৰে ৷

উক্ত অনুষ্ঠানত ধেমাজি জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া জয়ন্ত বৰা, ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ ফুকন, ধেমাজি, বৰদলনি,মাছখোবাৰ খণ্ড উন্নয়ন বিষয়া ক্ৰমে নবীন কামান, সংগীতা সৰকাৰ আৰু মৃদুল শৰ্মাকে ধৰি স্বাস্থ্য বিভাগ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্ম-কৰ্তা সকলকে ধৰি জিলা প্ৰশাসনৰ বহু-কেইগৰাকী বিষয়া কৰ্মচাৰী সকলৰ লগতে ধেমাজি সমষ্টিৰ শতাধিক হিতাধিকাৰীয়ে উপস্থিত থাকে ।

আজি অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানত পাঁচ গৰাকী হিতাধিকাৰী ক্ৰমে ভাস্কৰ জ্যোতি শৰ্মা, মইনা সোনোৱাল দত্ত, টুটুমনি ঠাকুৰীয়া, বিনয় দাস, আৰু চিটাৰাম দাসক আয়ুষ্মান-ভাৰত-অসম কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। উল্লেখ্য যে জিলাখনত ৪,৭৮০০০ হিতাধিকাৰী আছে যদিও এতিয়ালৈকে ৩,৫৭ ৪১৩ লোকৰ নাম আয়ুষ্মান-ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান -অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ডৰ বাবে নাম পঞ্জীয়ন কৰা হৈছে। বৰ্তমানলৈকে ৯৪,০০০ হাজাৰ গৰাকীয়ে আয়ুষ্মান-ভাৰতৰ কাৰ্ড লাভ কৰিছে । বাকী সকলক পৰৱৰ্তী পৰ্যায়ত বিতৰণ কৰা হ'ব এই কাৰ্ড ।