ধেমাজি

চিলাপথাৰত তৎপৰ বিজেপি

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসকীয় দলৰ প্ৰাৰ্থী আৰু সমৰ্থক। আজি চিলাপথাৰৰ ভৈৰবপুৰ দুৰ্গা বাড়ীত দলীয়-নেতা কৰ্মীৰ সৈতে মত বিনিময়ৰ বাবে উপস্থিত হয় লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগু।

সমাগত নিৰ্বাচনৰ বাবে দলীয় কৰ্মী শুভাকাংক্ষীক তৎপৰ হ'বলৈ আহ্বান জনোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হয়। নিৰ্বাচনত প্ৰাৰ্থীত্ব লাভ কৰা সকলোকে শুভেচ্ছা জনাই অহা ২ এপ্ৰিলৰ পৰা বিজেপিৰ " নাৰায়ণী সেনা " প্ৰচাৰ যুদ্ধত নামি পৰিব বুলি কয়। যোৱা নিৰ্বাচনত ৬০.৪৯ শতাংশ ভোট লাভ কৰা প্ৰদান বৰুৱাই এইবাৰ নিৰ্বাচনত আৰু ১০ শতাংশ অধিক ভোট লাভ কৰিব বুলি বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কয়।

অনুষ্ঠানত উপস্থিত থকা বিধায়ক ভূৱন পেগুৱে কয় যে আগৰ চৰকাৰে কথা দিয়ে কিন্তু কথা নাৰাখে। বিজিপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পুৰাণ কৰে। উদাহৰণ ৰাম মন্দিৰ বুলি বিভিন্ন জনমুখি আঁচনিৰ লগতে ৰাইজৰ সমস্যা আৰু ইয়াৰ সমাধানৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰি দলীয় প্ৰাৰ্থীৰ বিশাল বিজয়ত নিশ্চিতিৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়। অনুষ্ঠানত দলৰ বহু নেতা কৰ্মিৰ লগতে শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে।