অৱজ্ঞা, উপেক্ষাত অতিষ্ঠ হৈ চিলাপথাৰত বিজেপি নেতা, কৰ্মীৰ সমূহীয়া পদত্যাগ... 
ধেমাজি

অৱজ্ঞা, উপেক্ষাত অতিষ্ঠ হৈ চিলাপথাৰত বিজেপি নেতা, কৰ্মীৰ সমূহীয়া পদত্যাগ...

অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি, স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰতো চৰকাৰৰ ভূমিকাত অসন্তুষ্ট

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ এজন বা দুজন নহয়। একেলগে চিলাপথাৰৰ অঞ্চলৰ বেতনিপাম গাঁও পঞ্চায়তৰ ৯২ জনকৈ সক্ৰিয় বিজেপি কৰ্মীয়ে আজি দলৰ পৰা পদত্যাগ কৰিছে।

দলৰ বিভিন্ন বিষয়বাবদ থকা বহুসংখ্যক দলীয় কৰ্মীৰ সমূহীয়া পদত্যাগৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পদত্যাগীসকলৰ মাজত আছে বেতনিপাম গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিক্ৰম গগৈৰ লগতে দলৰ গুৰুত্বপূৰ্ণ পদবীত থকা বহু লোক।

আজি ধেমাজি জিলা বিজেপিৰ সভানেত্ৰীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰৰ জৰিয়তে জনোৱা মতে, বেতনিপাম পঞ্চায়তৰ দলীয়কৰ্মীসকলে দলৰ প্ৰতিটো নিৰ্বাচনৰ লগতে বিভিন্ন কাৰ্য্যসূচীত উৎসৰ্গিত মনোভাৱৰে সেৱা আগবঢ়াই আহিছে। পিছে ইয়াৰ পিছতো নিজ দলৰে সাংসদ, বিধায়কৰ লগতে একাংশ বিষয়ববীয়াই চৰম অৱজ্ঞা আৰু উপেক্ষা কৰি আহিছে কৰ্মীসকলক।

বহু সমস্যাৰে আক্ৰান্ত পঞ্চায়তখনৰো উন্নয়নত সামান্য গুৰুত্ব নিদিলে বুলি তীব্ৰ খেদ প্ৰকাশ কৰে। তদুপৰি সাধাৰণ জনতাক মাধমাৰ সোধাই গাঁৱে ভূঞে বাধ্যতামূলকভাৱে স্থাপন কৰে স্মাৰ্ট মিটাৰ।

একেদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিৰ ওপৰতো চৰকাৰে গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত দলৰ সাধাৰণ সদস্যৰ পৰাও পদত্যাগ কৰা বুলি উল্লেখ কৰিছে। পদত্যাগ পত্ৰ জিলা সভানেত্ৰীলৈ প্ৰেৰণ কৰাৰ লগতে প্ৰতিলিপি প্ৰেৰণ কৰে চিচি বৰগাওঁ মণ্ডল বিজেপিৰ সভাপতিলৈ।

যিটো সময়ত ৰাষ্ট্ৰীয় দলটোৱে সদস্যভুক্তিৰ বাবে ব্যাপক তৎপৰতা অৱলম্বন কৰি বিশ্বৰ সৰ্বাধিক সদস্য থকা দল হিচাপে স্বীকৃতি লাভ কৰিছে তেনে সময়তে একেখন পঞ্চায়তৰ ৯২ গৰাকী দলীয় কৰ্মীয়ে সমূহীয়া পদত্যাগ পত্ৰ প্ৰেৰণ কৰা কাৰ্যই চৰ্চা লাভ কৰিছে।