dangor kotha  
ধেমাজি

চিমেন চাপৰি তেলাম পঃতে বস্তিত মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিমেন চাপৰিঃ বৃহস্পতিবাৰে পুৱাই চিমেন চাপৰি আৰক্ষী থানাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী তেলাম পঃতে বস্তিত উদ্ধাৰ কৰা হৈছে প্ৰায় ৪৫ বছৰীয়া এগৰাকী ব্যক্তিৰ মৃতদেহ । জানিব পৰামতে পুৱাই গাঁৱৰ স্থানীয় ৰাইজে সময়ত পঃতে বস্তিৰ ৰে'লৱে দলঙৰ তলত প্ৰত্যক্ষ কৰে মৃতদেহটো। নীলা ৰঙৰ টি-ছাৰ্ট আৰু ক'লা হাফ পেন্ট পৰিধান কৰা ব্যক্তিজনৰ নাম স্বৰ্গীয় দীল কুমাৰ ৰায়ৰ পুত্ৰ গোপাল ৰায় বুলি জানিব পৰা গৈছে ।

গোপাল ৰায়ে কেইদিনমানৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ পঃতে বস্তিৰ বমদ দকে নামৰ এগৰাকী ব্যক্তিৰ খেতি-পথাৰত কাম কৰিছিল। মৃৰ্গী ৰোগত আক্ৰান্ত হৈ থকা গোপাল ৰায়ে আজি খেতি-পথাৰৰ পৰা ওলাই গৈ ৰে'লৱে দলঙৰ তলত মৃত্যুক সাবটি লয়।স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত তেলাম আৰক্ষী চকীলৈ খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।