ধেমাজি

'কা’ বাতিলৰ দাবীত ধেমাজিত অনশন ধৰ্মঘট

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ কা’ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু ত্ৰিশ জনগোষ্ঠীয় সংগঠনৰ আহবানত দেওবাৰে পুৱা ৬ বজাৰে পৰা অনুষ্ঠিত হোৱা ১২ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্য্যসূচী সন্ধিয়া ৬ বজাত সামৰণি পৰে ৷ প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে হাতে-হাতে বেনাৰ ,পোষ্টাৰ প্লে'ৰ্কাডলৈ জাতি ধবংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ শীঘ্ৰেই প্ৰত্যাহাৰ কৰক ,ধৰ্মৰ নামত ৰাজনীতি কৰা বন্ধ কৰক ,অসম বিদেশীৰ চৰণীয়া পথাৰ নহয় ,কা’ আমি নামানো ,কা’ বাতিল কৰিবই লাগিব, বিজেপি চৰকাৰ মুণ্ডাবাদ ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে ৷

কাৰ্য্যসূচীৰ মাজতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে আতঁধৰা প্ৰতিবাদী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই উপস্থিত থাকি বক্তব্যত অসম আৰু অসমীয়াক নিশেষ কৰিব বিচৰা স্বৈৰাচাৰী বিজেপি চৰকাখনে অসমত কা’ আইন বলবৎকৰিবলৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে ৷ তেওঁ বক্তব্যত এই জাতিধংসী আইন কা’ অসমৰ ৰাইজে আগতেও মানি লোৱা নাই আৰু এতিয়াও নামানে বুলি উল্লেখ কৰি কা’ কেতিয়াও হ'বলৈ নিদিও বুলি হুংকাৰ দিয়ে ৷ এই জাতিধংসী আইন বন্ধ কৰিবলৈ আমি ৰাজপথৰ সংগ্ৰাম আৰু আইনী যুঁজ সমানে আগবঢ়াই লৈ যাম৷আৰু ইতিমধ্যে ভাৰতৰ উচ্চতম ন্যায়ালয়ত এই সংক্ৰান্তত গোচৰ চলি আছে ৷ তেওঁৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত অসমৰ ৰাইজৰ বিশ্বাস আছে বুলিও অৱগত কৰে ৷

প্ৰসংগক্ৰমে বক্তব্যত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু ত্ৰিশ জনগোষ্ঠীয় সংগঠনৰ কৰ্মী সকলক ভয় ভাবুকি দেখুৱাই কা’ আন্দোলন বন্ধ কৰিবলৈ অহৰহচেষ্টা অবাহত ৰাখিছে ৷ বিজেপি চৰকাৰৰ এনেকুৱা ধৰনৰ চূড়ান্ত পৰ্য্যায়ৰ ৰূপ পাইছে গৈ যে কা’ প্ৰতিবাদকাৰীসকলক আৰক্ষী থানালৈ আনি বৰ্ডত চহী কৰোৱা লগতে পুলিচ ভেৰিফিকেচন নিদিও , জেলৈ পঠিয়াম, ৰেৰ্ডত বেয়া কৰি দিম ইত্যাদি ভয় ভাবুকি দেখোৱাই কা’ আন্দোলন বন্ধ কৌশল কৰিছে বুলিও জানিবলৈ দিয়ে ৷

প্ৰতিবাদী সভাত কা’ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই বিজেপি চৰকাৰৰ এনে স্বৈৰাচাৰীক সমালোচনা কৰি বক্তব্য ৰাখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই , সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰিক্ষিত সোনোৱাল , সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপক নাথ , সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দিপক শৰ্মা ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক, আছুৰ কেন্দ্ৰীয় কাৰ্য্যনিবাক দ্বয় কনক গগৈ আৰু বিকাশ মিছং , ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই ৷ কাৰ্য্যসূচীৰ সামৰণিত সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই প্ৰতিবাদীসকলক খীৰ আৰু ফলমূল খোৱাই অনশন কাৰ্য্যসূচী ভংগ কৰে ৷