ধেমাজি

মেট্ৰিকত ৯৬.২ শতাংশৰে উজলিল চিলাপথাৰৰ জুবীৰাজ সোণোৱাল...

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰ : সদ্যঘোষিত চি বি এছ চিৰ দশম শ্ৰেণীৰ পৰীক্ষাত চিলাপথাৰ ছেইণ্ট ফ্ৰান্সিছ ডী চেলচ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ মেধাৱী ছাত্ৰ জুবীৰাজ সোনোৱাল ৯৬.২ শতাংশসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। চিলাপথাৰৰ জোনাকী নগৰ নিবাসী প্ৰাক্তন সেনা জোৱান যতীন সোণোৱাল আৰু জেনিফা‌ কোঁৱৰ সোনোৱালৰ বৰ পুত্ৰ জুবীৰাজৰ সফলতাত গৌৰাৱান্বিত অঞ্চলবাসী।

ছাত্ৰগৰাকীয়ে ক্ৰমে ইংৰাজীত ৯৪,অসমীয়াত ৯৮,সাধাৰণ গণিতত ৯৮, সাধাৰণ বিজ্ঞানত ৮৬,সমাজ বিজ্ঞানত ৯৭ আৰু‌ ইনফৰ্মেচন টেকনলজীত ৯৪ নম্বৰ (৯৬.২ শতাংশ) নম্বৰসহ শিক্ষানুষ্ঠানখনৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়।

ছাত্ৰগৰাকীৰ ভাষ্য অনুসৰি ভৱিষ্যতে এজন সুচিকিৎসক হোৱাৰ লক্ষ্য পুহি ৰাখিছে। উল্লেখ্য যে কৃতিমান ছাত্ৰজনে ইতিমধ্যে ডিব্ৰুগড়ৰ ৰামকৃষ্ণ বিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰি পাঠগ্ৰহণ কৰি আছে।

ছাত্ৰজনৰ চমকপ্ৰদ ফলাফল প্ৰাপ্তিৰ বিষয়টোৱে বিদ্যালয়খনৰ লগতে অঞ্চলবাসী ৰাইজক উৎফুল্লিত কৰি তুলিছে। ৰাইজে মেধাৱী ছাত্ৰ জনৰ উজ্বল ভৱিষ্যত কমনা কৰি ৰাইজে শুভেচ্ছা যাচিছে।