ধেমাজি

চেঙাজান আঞ্চলিক বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ অসমৰ অন্যতম হিন্দু-বাঙালী জনগোষ্ঠীৰ জাতীয় সংগঠন বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ চিলাপথাৰ চেঙাজান আঞ্চলিক সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনখনৰ সোমবাৰে লাইখুটা স্থাপন কৰা হয়। চেঙাজান বজাৰত পৌৰহিতৰ মন্ত্ৰচাৰণ আয়তিৰ উৰুলিৰে এক উখল-মাখল পৰিৱেশৰ মাজত অধিৱেশন স্থলীত স্থাপন কৰা হয় লাইখুটা।

অহা ৮ আৰু ৯ জুনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা অধিৱেশনত হিন্দু বাঙালীসকলৰ জলন্ত-সমস্যা ডি ভোটাৰ, ভূমি পট্টা, বিদেশী সমস্যাৰ উপৰিও জোনাই সমষ্টিৰ বানবিধস্ত চেঙাজান অঞ্চলৰ বান-গৰাখহনীয়া ওপৰত বেছি গুৰুত্ব আৰোপ কৰি মুকলি সভাত আলোচনা কৰা হ'ব।

অধিৱেশনৰ মুকলি সভাত বিভিন্ন জনগোষ্ঠীয় দল সংগঠনক আমন্ত্ৰণ কৰা জনোৱা হ'ব। অধিৱেশনখনি সাফল্য মণ্ডিত কৰিবলৈ সকলো ৰাইজক সহযোগিতাত আগবঢ়ায় নিবলৈ উদযাপন সমিতিয়ে আহ্বান জনাইছে।