ধেমাজি

চিমেন চাপৰিৰ দুই পৃথক স্থানত একেদিনাই উদ্ধাৰ দুটা অজগৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ চিমেন চাপৰিৰ কৈৱৰ্ত গাঁৱত শনিবাৰে এটা অজগৰ উদ্ধাৰ কৰা হয়। চিমেন কৈৱৰ্ত গাঁৱৰ ধৰনী দাসৰ কন্যাই পুৱা ৭ বজাত ঘৰৰ বাচন বৰ্তন ধুবলৈ যাওঁতে প্ৰত্যক্ষ কৰে অজগটোক। লগে লগে পৰিয়ালৰ তথা গাঁৱৰ ৰাইজে বন বিভাগক খবৰ দিয়াৰ লগতে ৮কেজি আৰু ১০ফুট দীঘল অজগৰটো উদ্ধাৰ কৰে।

ৰাইজে দিয়া খবৰৰ ভিত্তিত তেলাম খণ্ড বন বিষয়া ললিত চন্দ্ৰ ৰিচং, হেমচন্দ্ৰ পাঞাঙে চিমেন কৈৱৰ্ত গাঁৱত উপস্থিত হৈ অজগৰটো চমজি লৈ চিমেন চাপৰিৰ জামজিং বনাঞ্চলত মেলি দিয়ে। ইপিনে ৰামধন দিখাৰীৰ মুক্তিয়াৰ গাঁৱতো আন এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰা হয়। মুক্তিয়াৰ গাঁৱৰ কেশৱ কামানে পুখুৰীত অজগৰটো প্ৰত্যক্ষ কৰাৰ পাছত স্থানীয় ৰাইজে ধৰিবলৈ চেষ্টা কৰোঁতে কেশৱ কামানৰ ভঁৰালত সোমাই যায়।

তাৰপাছতে টিএমপিকে, এমএমকেৰ ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ বিষয়ববীয়া, স্থানীয় ৰাইজে অজগৰটো ধৰি বন বিভাগক খবৰ দিয়ে। উদ্ধাৰ কৰা অজগৰটো প্ৰায় ১৫কেজি ওজনৰ আৰু দীঘল ১৫ফুট। তেলাম খণ্ড বন বিষয়া ললিত চন্দ্ৰ ৰিচং, হেমচন্দ্ৰ পাঞাং, বনকৰ্মী ৰবীণ বসুমতাৰীয়ে ৰামধন দিখাৰী মুক্তিয়াৰ গাঁৱত উপস্থিত হৈ উদ্ধাৰ হোৱা অজগৰটো লৈ আনি জামজিং বনাঞ্চলত মেলি দিয়াৰ ব্যৱস্থা কৰে।