ধেমাজি

চেঙাজান আঞ্চলিক বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ শনিবাৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চেঙাজান আঞ্চলিক সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন। চেঙাজান মাজগাওঁ দৈনিক বজাৰত অনুষ্ঠিত অধিৱেশনৰ আজি পুৱা বৃক্ষ পুলি ৰোপনৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ পাছতেই পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বন্তি প্ৰজ্বলনৰ পাছত বিশিষ্ট ব্যক্তিৰ দ্বাৰা মুল তোৰণ উন্মোচন, অতিথিশালা, মঞ্চ উদ্বোধন কেধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়।

বাঙালী জনগোষ্ঠীয় সাজ পোচাক পৰিধান কৰি পুৱাৰে পৰা অধিৱেশনস্থলীত সমবেত হয় বহুলোক। এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে অধিৱেশনস্থলীত। বাঙালীসকলৰ ডি ভোটাৰ বিদেশী সমস্যা, ভূমি পট্টা, আধাৰ কাৰ্ডৰ সমস্যাৰ লগতে চিমেন নৈৰ বান, গৰাখহনীয়াৰ স্থায়ী সমস্যা সমাধানৰ বাবে মুকলি সভাত আলোচনা কৰা হব বুলি জানিব দিছে ফেডাৰেশ্যনৰ কৰ্মকৰ্তাই।