ধেমাজি

বিজেপিক উৎখাত কৰিবলৈ সাজু কংগ্ৰেছ

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ দেওবাৰে ধেমাজি স্বাস্থ্য ভৱনত ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ দুপৰীয়া ১২ বজাৰ পৰা জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৰ্ধিত জিলা কংগ্ৰেছৰ কাৰ্য্যনিৰ্বাহক সভাত আগন্তুক লোকসভা , পঞ্চায়ত ,মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনকে ধৰি নতুনকৈ গঠন হোৱা বিধান সভা সমষ্টি সমূহৰ সীমা নিৰ্ধাৰণৰ সমস্যা সমূহকলৈ সাংগাঠনিকভাৱে দলৰ মাজত আলোচনা কৰা হয় ৷

ইফালে বৰ্ধিত সভাত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামীয়ে অংশগ্ৰহন কৰি বহু কেইটা বিষয়ক লৈ তেওঁ সৰৱ হৈ পৰে৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে আগন্তুক ৪৫ দিনৰ ভিতৰত ৰাজ্য চৰকাৰে বহু বিবাহ বন্ধ কৰাৰ পদক্ষেপ ল'বলৈ চূড়ান্ত খচৰা প্ৰস্তত কৰাৰ দিশে আগবাঢ়িছে ৷

বহু বিবাহ বন্ধ কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ পূৰ্বে বিজেপি চৰকাৰে বিভিন্ন দল , সংগঠন আৰু বিভিন্ন ৰাজনৈতিক দলৰ অভিমতৰ লগতে সমাজৰ নেতৃস্থানীয় ব্যক্তি সকলৰো মতামত গ্ৰহন কৰাটো উচিত আছিল বুলি কৰি উল্লেখ কৰে ৷ একেদৰে শিলসাকোঁত সংগঠিত হোৱা মহিলা অৰ্ধউলংগ কাণ্ডই বিজেপি চৰকাৰখনৰ স্বৈৰাচাৰীৰ ৰূপ চূড়ান্ত পৰ্য্যায়ত উপনিত হোৱা কথা উল্লেখ কৰি এইবাৰ বিজেপিক শিপা উভালিবলৈ কংগ্ৰেছ দলৰ কৰ্মী সকলে ইতিমধ্যে ৰনকৌশল কৰিছে ৷

শোষণকাৰী ,স্বৈৰাচাৰী বিজেপিক আগন্তুক দিনত এশিকনি দিবলৈ সাজু হৈছে কংগ্ৰেছ৷ অহা ৭ ছেপ্টেম্বৰত ৰাহুল গান্ধীয়ে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি পালন কৰা হ'ব প্ৰদেশ কংগ্ৰেছৰ নেতাগৰাকীয়ে জানিবলৈ দিয়ে ৷ দেওবাৰে জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহ সভাত অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি জয়ন্ত কলিতা ,সাধাৰন সম্পাদক উৎপল গগৈ , সম্পাদক ভাস্কৰ দুৱৰা , প্ৰাক্তন লখিমপুৰ লোক সভাৰ সাংসদ ৰানী নৰহকে ধৰি প্ৰদেশ কংগ্ৰেছ আৰু জিলাৰ পৰ্য্যায়ৰ বহুকেইগৰাকী বিষয়ববীয়াই উপস্থিত থাকে ৷