ধেমাজি

চিলাপথাৰত ISROৰ আৰ্হিত মণ্ডপ নিৰ্মাণ : দৃষ্টি কাঢ়িছে ভক্তৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰৰ এখন ব্যতিক্ৰমী মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিছে ভক্তগণৰ। ISRO আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপটি। ঢাক- ঢোলৰ মাংগলিক বাদ্যৰ ধ্বনিত উত্তাল হৈ পৰিছে চিলাপথাৰৰ পৰিৱেশ।

বাণিজ্য নগৰী চিলাপথাৰৰ দুকুৰী মণ্ডপত উদযাপন চলিছে শাৰদীয় দুৰ্গোৎসৱ। দৃষ্টিনন্দন আলোক সজ্জাৰে সজ্জিত মণ্ডপসমূহে বিশেষভাৱে আকৰ্ষণ কৰিছে দৰ্শনাৰ্থীক।

গ্ৰীণ বাটাৰফ্লাই, চতুৰ্থমুখী নৌকা,ৰংমহল আদি আৰ্হিৰ মণ্ডপ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইপিনে লিকাবালিত নিৰ্মাণ কৰিছে ISRO আৰ্হিৰ এক ব্যতিক্ৰমী বিশাল মণ্ডপ । শেহতীয়াকৈ চন্দ্ৰজান অভিযান সফল কৰি তোলা মহাকাশ গৱেষণা প্ৰতিষ্ঠানক কৃতজ্ঞতা জনাবলৈ আয়োজক নিৰ্মাণ কৰিছে এই ব্যতিক্ৰমী মণ্ডপ।

অসম-অৰুণাচল প্ৰদেশৰ স্থানীয় লোকৰ উদ্যোগত উদযাপিত পূজাৰ সমিতিয়ে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ লগতে শান্তি সম্প্ৰীতি কামনা কৰে।