উন্নয়নৰ জয়ঢোল বজোৱা ৰাজ্যত সামাণ্য যাতায়তৰ উপযোগী পথৰ বাবে হাহাকাৰ... 
ধেমাজি

উন্নয়নৰ জয়ঢোল বজোৱা ৰাজ্যত সামান্য যাতায়তৰ উপযোগী পথৰ বাবে হাহাকাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ডিজমুৰৰ পৰা মাজুলিলৈকে মথাউৰীটো এক্সপ্ৰেছ হাইৱেলৈ উন্নিতকৰণ কৰাৰ যো জা চলাইছে। পিছে এনে সময়তে চিলাপথাৰৰ নৈ পৰীয়াৰ ৰাইজে পকী পথ নহয় এটা সামান্য যাতায়তৰ উপযোগী পথৰ বাবে হাহাকাৰ কৰিব লগা হৈছে।

এই দৃশ্য হ'ল বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ মধ্য চিচিটঙানি গাঁও পঞ্চায়তৰ বুঢ়িসূতি পাৰঘাটৰ। বছৰৰ পিছত বছৰ টুলুঙা নাওঁৰেই অহা যোৱা কৰিব লগা হৈছে ৰাইজে। সামান্য বৰষুণ পৰিলেই নদীৰ পানী বাঢ়ি বন্ধ হৈ পৰে অহা যোৱা।

চৰকাৰী অৱহেলাত চৰ অঞ্চলটোৰ দক্ষিণ গৰুমৰা, মুৰ্কংচেলেক,কাৰ্গি চাপৰি, গৰৈ মাৰকাটি,কাৰেং চাপৰি আদি পাঁচখনকৈ গাঁওৰ ৰাইজে যাতায়তৰ নামত ভূগিছে চৰম যাতনা। এই গাওঁ সমূহত পথ বুলি ক'বলৈ একোৱেই নাই।

চৰচাপৰিবাসী ৰাইজে কাৰোবাৰ শাকনিবাৰী কাৰোবাৰ খেতিপথাৰৰ মাজে মাজে অহা যোৱা কৰাৰ বিকল্প নাই। একঁকাল পানী আৰু বোকাৰ মাজেৰে অহা যোৱা কৰিব লাগে গঞাই।

পথৰ ব্যৱস্থা নথকাত সময় মতে উপস্থিত হ'ব নোৱাৰে বিদ্যাৰ্থী। সময়মতে চিকিৎসা নাপাই আদবাটতে মৃত্যু হয় ৰোগী। গঞাৰ অভিযোগ সাংসদ-বিধায়ক,এম এ চি আৰু গাওঁ পঞ্চায়তৰ প্ৰতিনিধি কোনোৱেই অঞ্চলটোৰ উন্নয়নৰ গুৰুত্ব নিদিয়ে। যাতায়ত বিধস্ত গাওঁকেইখনৰ যাতায়ত উন্নয়নত গুৰুত্ব প্ৰদানৰ দাবী জনাই ভুক্তভোগী ৰাইজে।