ধেমাজি

ধেমাজিত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নাগৰিক সভা আৰু ন-পুৰণি সতীৰ্থ সন্মিলন

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি : অসমৰ বানপানীৰ সমস্যাক শীঘ্ৰেই ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছে মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে। ধেমাজি প্ৰেছ ক্লাৱত মানৱ অধিকাৰ সংগ্ৰাম সমিতি, ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু মাছৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা নাগৰিক সভা আৰু ন-পুৰণি সতীৰ্থ সন্মিলনে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ ৰাজ্যৰ আৰু কেন্দ্রীয় চৰকাৰৰ প্ৰতি আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে।

জ্যেষ্ঠ সাংবাদিক তথা মাছৰ ধেমাজি জিলা সমিতিৰ অধ্যক্ষ উমেশ চেতিয়াৰ সভাপতিত্ব অনুষ্ঠিত হয় সভাখন। মাছ'ৰ সচিব প্ৰধান লক্ষীপ্ৰসাদ ডেকাই আঁত ধৰা সভাত বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দল সংগঠনসমূহে দাবী জনাই অহাৰ পিছতো কোনো এখন চৰকাৰে ৰাজ্যৰ মূল সমস্যাটোক গুৰুতৰ প্ৰদান নকৰাত সভাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

ইফালে মাছ'ৰ প্ৰতিস্থাপক অধ্যক্ষ তথা বৰ্তমানৰ ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই নাগৰিক সভাত অংশ গ্ৰহণ কৰি কয়, সাম্প্ৰতিক সময়ত মানৱ অধিকাৰ সংগঠনসমূহে প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়াত পৰিছে। কাৰণ বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনে সকলো ব্যৱস্থাকে সলনি কৰি পেলোৱাই নহয় সংবিধানৰ মূল গাঁথনিতে আঘাত হানিছে ।

এনে শাসন ব্যৱস্থাত মানুহৰ অধিকাৰক মূল্যহীন কৰি তোলা বুলি মন্তব্য কৰে। সাংসদ ভূঞাই ডম্বৰুধৰ বৰদলৈৰ সম্পাদনাত প্ৰকাশিত "মানৱ অধিকাৰ" নামৰ স্মৃতি গ্ৰন্থখনো উন্মোচন কৰে।

ইফালে মাছ'ৰ মুখ্য উপদেষ্টা বুবুমনি গোস্বামী আৰু অধ্যক্ষ আদিত্য লহকৰে মাছ'ৰ কৰ্মী সকলে প্ৰতিষ্ঠাকালৰে পৰা সন্মুখীন হৈ অহা বিভিন্ন ঘাত প্ৰতিঘাতৰ ওপৰত এক বিস্তৃত ব্যাখ্যা আগবঢ়ায়। লগতে মানৱ অধিকাৰ সংগঠনটোক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে।

সভাত অৱসৰপ্ৰাপ্ত শিক্ষক পদ্মেশ্বৰ দিহিঙীয়া,প্ৰেম দত্ত,ডম্বৰু বৰদলৈ,চেনিমাই দলে, জুমী চিৰিং,আদি কৰি কেইবাজনো জ্যেষ্ঠ নাগৰিকে সাম্প্ৰতিক পৰিবেশ পৰিস্থিতিৰ ওপৰত বক্তব্য আগবঢ়ায়। সভাখনত মাছ'ৰ উপাধ্যক্ষ বাণীকান্ত কাকতি, সচিব ৰিতুল বৰুৱা, প্ৰচাৰ সচিব জিতুমনি নাথ, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী দুৱৰা, সাংবাদিক জিতুৰাজ কোঁৱৰ, মাছ'ৰ ধেমাজি জিলা সমিতিৰ সচিব বৈকুণ্ঠ হাজৰিকাকে আদি কৰি ভালেসংখ্যক লোকে অংশ গ্ৰহণ কৰে।

নাগৰিক সভাখনৰ আৰম্ভণিতে পুৱা মাছ'ৰ পতাকা উত্তোলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰে ধেমাজি জিলা সমিতিৰ সভাপতি উমেশ চেতিয়াই। শ্বহীদ তৰ্পণ কৰে জাতীয় শ্বহীদ পৰিয়াল ঐক্য মঞ্চৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰিদীপ গোহাঁইৰে।

বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে নন্দেশ্বৰ বৰগোহাঁইয়ে। সন্ধিয়া বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী সামৰণি পেলাই ধেমাজি মাছ'ৰ সচিব বৈকুণ্ঠ হাজৰিকাই ৷