ধেমাজি

ধেমাজিত অত্যাধুনিক দন্ত চিকিৎসাৰ প্ৰতিষ্ঠান মুকলি...

Asomiya Pratidin

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি নগৰৰ তিনি আলিত দেওবাৰে এখন অত্যাধুনিক দন্ত চিকিৎসাৰ প্ৰতিষ্ঠান আনুষ্ঠিনকভাৱে মুকলি কৰে সমাজকৰ্মী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী নীপ কোঁৱৰে৷ ধেমাজি চহৰৰ মাজমজিয়াত প্ৰতিষ্ঠা কৰা দন্ত চিকিৎসাৰ প্ৰতিষ্ঠানখনে জিলাখনৰ বিভিন্ন অঞ্চলৰ দন্ত ৰোগীসকলৰ বাবে যথেষ্ট সুবিধা হ'ব বুলি আশা কৰা হৈছে ৷

ডাঃ উদিপ্ত ভূঞাৰ লগতে আৰু কেইবাগৰাকীও চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াবলগীয়া অত্যাধুনিক দন্ত চিকিৎসাৰ প্ৰতিষ্ঠানত মহাবীৰ ফাৰ্মাচীৰ সৈতে সংলগ্ন এই চিকিৎসা প্ৰতিষ্ঠানটিত সপ্তাহৰ আটাইকেইটা দিনতেই চিকিৎসা সেৱা উপলব্ধ হ'ব বুলি চিকিৎসক তথা সত্বাধিকাৰ ডাঃ উদিপ্ত ভূঞাই জনাইছে ৷