ধেমাজি

সেউজ বিপ্লৱ গঢ়াৰ লক্ষ্যৰে সদৌ মিচিং ছাত্ৰ সন্থাৰ গছপুলি ৰোপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ আজি বিশ্ব ধৰিত্ৰী দিৱস। সেউজ বিপ্লৱ গঢ়াৰ লক্ষ্যৰে বগীবিল কাৰেং চাপৰিত ৩০০ বিঘা ভূমিত গছপুলি ৰোপন কৰে টিএমপিকে-এ। বিগত বৰ্ষত কাৰেং চাপৰিত মিচিং যুৱ মহোৎসৱস্হলীত ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি ১ লাখ গছপুলি ৰোপন কৰি সেউজ বিপ্লৱ গঢ়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াক প্ৰতিৰোধৰ লক্ষ্য লৈছিল সদৌ মিচিং ছাত্ৰ সন্থাই ।

বৃক্ষ মানৱ যাদৱ পায়েঙৰ আদৰ্শ শিৰত লৈ আজিৰে পৰা প্ৰত্যেক দিনা ১০০ জোপা গছপুলি ৰোপনৰ কাৰ্যসূচী হাতত গ্ৰহণ কৰি আগন্তুক ২০ জুন বিশ্ব পৰিৱেশ দিৱসলৈকে চলিব এই কাৰ্যসূচী।

গছক দেৱতা হিচাপে আৰু পানীক মাতৃ হিচাপে বিশ্বাস কৰি প্ৰকৃতিৰ সৈতে চলি আহিছে মিচিং সমাজে। যাৰ বাবেই বগীবিলৰ ব্ৰহ্মপুত্ৰ নদীৰ বালিময় চাপৰিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতি-ৰোধত ভেটা দিব পৰা বহু মূল্যৱান গছৰ উপৰিও উন্নত গছপুলি ৰোপনৰ লক্ষ্য লৈছে টিএমপিকেই। বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপনে বৰ্তমান কাৰেং চাপৰিৰ এই সেউজীয়া বননিত জীৱ-জন্তুৰ মুক্ত বিচৰণ দেখা গৈছে বুলি সদৰি কৰে সংস্থাটোৰ বিষয়ববীয়াই।