'কা'ৰ বিৰুদ্ধে ধেমাজিত জিলা ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী... 
ধেমাজি

'কা'ৰ বিৰুদ্ধে ধেমাজিত জিলা ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত জিলাখনৰ পাঁচ শতাধিকতকৈ অধিক আছু কৰ্মীয়ে হাতে-হাতে বেনাৰ, পোষ্টাৰ, প্লে'ৰ্কাড লৈ 'কা' আমি নামানো, বিজেপি চৰকাৰ গ'বেক, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হুচিয়াৰ, সদৌ অসম ছাত্ৰ সন্থাৰ জিন্দাবাদ, জয় আই অসম ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদ কৰি বাইক ৰেলী বাহিৰ কৰে।

ধেমাজি নগৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগৰ মৰিধল হাইস্কুল ফিল্ডৰ পৰা আৰম্ভ কৰা বাইক ৰেলীয়ে ধেমাজি নগৰৰ মাজেৰে পাৰ হৈ জীয়াধলহৈ ধেমাজি কাছাৰী ময়দানত অন্ত পৰে ৷ কাৰ্যসূচীৰ শেষত কাছাৰী ময়দানতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে আঁত ধৰা প্ৰতিবাদী সভাত জাতি ধবংসী 'কা'ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই অসমৰ ৰাইজে এই আইন কেতিয়াও মানিলোৱা লোৱা নাছিল, এতিয়াও মানিলোৱা নাই আৰু আগলৈও নামানে বুলি কয়৷ ইয়াৰোপৰি অসমত এই আইন কেতিয়াও কাৰ্য্যকৰী হ'বলৈ নিদিও বুলি প্ৰতিবাদকাৰী সকলে হুংকাৰ দিয়ে ৷

'কা' বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বৰ্তমান গোচৰ চলি থকাৰ পিছতো বিজেপি চৰকাৰখনে ন্যায়ালয়ক বুঢ়া আঙুলি দেখুৱাই বলপূৰ্ব্বকভাৱে অসমত নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰি অসমলৈ হিন্দু বাংলাদেশীক আনিবলৈ বিচৰা কাৰ্যক সম্পূৰ্ণভাৱে স্পষ্ট হৈ পৰিছে বুলি প্ৰতিবাদীসকলে দাবী কৰিছে ৷

প্ৰতিবাদী সভাত বিজেপি চৰকাৰখনৰ এনে জাতি ধবংসী কাৰ্যৰ প্ৰতি ধীক্কাৰ জনাই বক্তব্য ৰাখে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মা, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাবাহক সদস্য বিকাশ মিচং, সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰিক্ষীত সোনোৱাল, গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সমৰাজ পুৰি, ধেমাজি জিলা নাথ যোগী ছাত্ৰ সন্থাৰ উপ-সভাপতি সুভেশ নাথকে ধৰি বহুকেইগৰাকী ছাত্ৰ সংগঠনৰ বিষয়ববীয়াই ৷