ধেমাজি জিলা ছাত্র সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানত ১২০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...  
ধেমাজি

ধেমাজি জিলা ছাত্র সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানত ১২০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজি:সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা নীতিৰ আধাৰত প্ৰতিবছৰৰ দৰে এইবছৰো ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷ ধেমাজি জিলাখনৰ অন্তগৰ্ত এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা , বিজ্ঞান আৰু বাণিজ্য শাখাত ৮৫ শতাংশ বা ততোধিক নম্বৰ পাই সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১২০ গৰাকী মেধাৱী ছাত্র-ছাত্ৰীৰ লগতে বিদ্যালয়, মহাবিদ্যালয়ৰ মুৰব্বীসকলক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অভিনন্দন জনোৱা হয়।

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে সভাপতিত্ব কৰা বিশেষ অভিনন্দন অনুষ্ঠানত আৰম্ভণিতে সমবেত সংগীতেৰে শুভাৰম্ভণি কৰাৰ পিছতেই আদৰণি ভাষণ দিয়ে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে৷

অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য বিকাশ মিছং আৰু অসম উন্নতি সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জিতু বৰা, উপ-সভাপতি উত্তম গগৈ আৰু অসম সেনাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যদ্বয় ডিমেশ্বৰ গগৈ আৰু যুগল কৃষ্ণ ফুকনে৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজি জিলাৰ উপ-আৰক্ষী অধীক্ষক সিদ্ধেশ্বৰ বৰা আৰু মৰিধল মহাবিদ্যালয় অধ্যক্ষ ড০ দ্বীপেন শইকীয়া, জিলাখনৰ বিদ্যালয়, মহাবিদ্যালয়সমূহৰ শিক্ষক, শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ সন্থাৰ জিলা আৰু আঞ্চলিকৰ বিষয়ববীয়া আৰু কৰ্মকতাসকলো উপস্থিত থাকে ৷