ধেমাজি

ধেমাজিত শিশুৰ অভিনয় আৰু আবৃত্তিৰ কৰ্মশালা...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ সাংস্কৃতিক গোষ্ঠীৰ থিয়েটাৰী ৰং থিয়েটাৰী ধং আৰু অসম আবৃত্তি পৰিষদৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে এক বিশেষ কৰ্মশালা। মঙ্গলবাৰৰ পৰা ২৮ জুলাই লৈকে ২৫ দিনীয়াকৈ ধেমাজি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সভাকক্ষত শিশুসকলৰ নাট্য আৰু আবৃত্তিৰ ওপৰত আৰম্ভ হৈছে উক্ত কৰ্মশালাখনি৷

ধেমাজি অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক শিশুৰ উপস্থিতিত অনুষ্ঠিত হোৱা কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট নাট্যকাৰ হেমন্ত বৰপাত্ৰগোহাঁই, বোলছবি পৰিচালক দ্বীপজ্যোতি কাকতি, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা অনাতাঁৰ শিল্পী ড° বনজিৎ ভট্ট, অভিনেতা ভৱেন তামুলী, বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী তথা বিশিষ্ট কবি আকাশবন্তি গগৈ, চিত্ৰ শিল্পী সূৰ্য্য কোঁৱৰ, নাট্যকৰ্মী দ্বয় ৰূপান্ত বৰপাত্ৰগোহাঁই আৰু মৌচুমী বৰপাত্ৰগোঁহাইয়ে৷

এই উপলক্ষে মঙ্গলবাৰে অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত লোকশ্ৰী বটাঁপ্ৰাপক বিমলা গগৈ গোহাঁই, মৰিধল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা দ্বয় ড° কবিতা গগৈ আৰু ড° পূৰবী দুৱৰা, থিয়েটাৰী ৰং থিয়েটাৰী ধঙৰ সভাপতি তথা নাট্যকাৰ বলীন বৰগোহাঁই, শিল্পী দিব্য গগৈ, সমল ব্যক্তি দ্বয় বোলছবি পৰিচালক দীপজ্যোতি কাকতি আৰু অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা শিল্পী ড° বনজিৎ ভট্টই শিশুসকলক উদ্দেশ্যি দিয়া বক্তব্যই অনুপ্ৰাণিত কৰে ৷

ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা থিয়েটাৰী ৰং থিয়েটাৰী ধঙৰ সদস্যা জোণমনি হাজৰিকাই আতঁধৰা উদ্বোধনী অনুষ্ঠানটিত থিয়েটাৰী ৰং থিয়েটাৰী ধঙৰ সঞ্চালিকা দীপাঞ্জলী বৰপাত্ৰগোহাঁই কাৰ্যকৰী সভাপতি তথা গোগামুখ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক দিগন্ত কাকতি, উপ-সভাপতি তথা ধেমাজি বালিকা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ভূপেন হাজৰিকা, বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা তথা অসম আবৃত্তি পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী জ্যোৎস্না বৰগোহাঁই আৰু ভাস্কৰ্য্য শিল্পী তথা আবৃত্তি পৰিষদৰ জিলা সম্পাদক প্ৰবীৰ গগৈ উপস্থিত থাকে ৷