ধেমাজি

উন্নয়নে ঢুকি নোপোৱা এখন গাঁও! ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

Asomiya Pratidin

ডিজিটেল সংবাদ ,ধেমাজি : ৰাজ্যৰ চৌদিশে উন্নয়নৰ ঢাক-ঢোল বজাই থকা বিজেপি চৰকাৰখনৰ চকু পৰা নাই ধেমাজিৰ বাটঘৰীয়া অঞ্চলৰ ঘেয়াৰী গাঁৱৰ খন দলঙলৈ। ধেমাজি নগৰৰ পৰা প্ৰায় ৭ কিলো মিটাৰ নিলগৰ ২ নং ঘেয়াৰী গাঁওখনত বছৰ বছৰ ধৰি ৰাইজে এখন বাঁহৰ দলঙেৰে যাতায়াত কৰি আহিছে ৷

অঞ্চলটোৰ ২নং ঘেয়াৰী , দুলুংকান , পাভমাৰী ,শালমাৰি , গৰৈমাৰীকে ধৰি গাওঁকেইখনৰ ৰাইজে সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক যাতায়তৰ সুবিধা হোৱাকৈ এখন পকী দলং নিৰ্মান কৰি দিবলৈ বাৰম্বাৰ আবেদন নিবেদন জনাই আহিছে। কিন্তু সাংসদ আৰু বিধায়কে গৰাকীয়ে কোনো গুৰুত্বয়ে দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে গাঁওখনৰ মানুহে ৷

ৰাইজে নিজে নিৰ্মাণ কৰি লোৱা বাঁহৰ দলঙখন ইতিমধ্যে জৰাজীৰ্ণ হৈ ভাঙি যোৱাত অঞ্চলটোৰ ৰাইজে যাতায়তৰ বাবে এতিয়া নৰক যন্ত্ৰণা ভুগিছে ৷ গাওঁকেইখনৰ কন কন ছাত্ৰ-ছাত্ৰী আৰু ৰোগী এই জৰাজীৰ্ণ বাঁহৰ দলঙেৰে দৈনিক পাৰা হ'ব লগীয়া অৱস্থা হৈছে ৷

গাওঁকেইখনৰ শতাধিক ৰাইজে উত্তেজিত হৈ সোমবাৰে পুৱাৰে পৰা দুপৰীয়া পৰ্যন্ত জৰাজীৰ্ণ দলংখনৰ ওচৰলৈ ওলাই আহি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বিজেপি গ'বেক ,প্ৰদান বৰুৱা গ'বেক ,বিধায়ক ৰনোজ পেগু গ'বেক , আমাক দলং লাগিবই ,ৰাইজক অহা যোৱা কৰা সু-ব্যৱস্থা শীঘ্ৰেই কৰি দিয়ক ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদী কাৰ্যসূচী উত্তাল কৰি তোলে। প্ৰতিবাদতেই ৰাইজে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিয়ে।