ধেমাজি

ধেমাজি মহাবিদ্যালয়ত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ শুভাৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি: সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা সমিতিৰ উদ্যোগত মেকবেথ ড্ৰামা ধেমাজি আৰু ধেমাজি মহাবিদ্যালয়ৰ সহযোগতঅনুষ্ঠিত কৰা হৈছে গ্ৰীষ্মকালীন নাট কৰ্মশালা। বুধবাৰৰ পৰা ২৫ জুলাইলৈকে ১৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নাট কৰ্মশালাখনি শুভাৰম্ভ কৰে অসম নাট্য সন্মিলনৰ ধেমাজি জিলা শাখাৰ সভাপতি ৰবি গগৈয়ে।

শুভাৰম্ভণি সভাখনিত সভাপতিত্ব কৰে সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা সমিতিৰ সভাপতি ড° বুদ্ধিন্দ্ৰ বৰুৱাই ৷ আনহাতে আঁত ধৰে সদৌ অসম পদ্মনাথ গোহঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা সমিতিৰ সাধাৰণ সম্পাদক জ্যোতিষ কোঁচে।

অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে ৷ শুভাৰম্ভণি অনুষ্ঠানত কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থকা অসমৰ বিভিন্ন নাট্য মঞ্চৰ শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীসকলক পৰিচয় কৰাই দিয়ে ৷

শুভাৰম্ভণি অনুষ্ঠানত সদৌ অসম পদ্মনাথ গোহঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা স্থায়ী সমিতিৰ উপ-সভাপতি ভবিষ্য দিহিঙীয়া ,অসম নাট্য সন্মিলন ধেমাজি জিলা শাখাৰ উপ- সভাপতি বুদ্ধেশ্বৰ কোঁৱৰ ,মেকবেথ ড্ৰামা গোষ্ঠীৰ সম্পাদক পংকজ চেতিয়া ,অসম নাট্য সন্মিলন ধেমাজি জিলা শাখাৰ সম্পাদক প্ৰনৱ হাজৰিকা, অসম নাট্য সন্মিলন ধেমাজি সদৰ শাখাৰ সম্পাদক ড° অচ্যুত গগৈ আৰু মেকবেথ ড্ৰামা গোষ্ঠীৰ প্ৰশিক্ষকসকল অনুষ্ঠানত উপস্থিত থাকে। লগতে ধেমাজিৰ বহুকেইগৰাকী বিশিষ্ট নাট্য কৰ্মী উপস্থিত থাকে ৷