ধেমাজি জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্নঃ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কেইবাটাও সিদ্ধান্ত 
ধেমাজি

ধেমাজি জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্নঃ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কেইবাটাও সিদ্ধান্ত

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী হিচাপে ২০২৩ বৰ্ষৰ ৬ ডিচেম্বৰত দায়িত্ব গ্ৰহণ কৰা ৰূপা কামানৰ নেতৃত্বাধীন কাৰ্যনিৰ্বাহনক সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা দেওবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। পুৱা প্ৰায় ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাৰ আৰম্ভণিৰ পূৰ্বে সভানেত্ৰী ৰূপা কামানে পতাকা উত্তোলন আৰু বন্তি প্ৰজ্জ্বলন কাৰ্য্যসূচী ৰূপায়ন কৰে৷

জিলা আৰু মণ্ডল মৰ্চাৰ দুই শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত মন্ত্ৰী ডাঃ ৰনোজ পেগু, সাংসদ প্ৰদান বৰুৱা, জিলা বিজেপিৰ সহ- প্ৰভাৰী যুধিষ্ঠিৰ গগৈ, প্ৰাক্তন জিলা বিজেপিৰ সভাপতি পবিত্ৰ গগৈকে ধৰি দলৰ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷ জিলা সভানেত্ৰী ৰূপা কামনৰ সভানেত্ৰীত হোৱা সভাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ উপৰিও বিজেপি দলক আৰু অধিক শক্তশালী কৰাৰ ক্ষেত্ৰত ৰাইজৰ ওচৰলৈ যাবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায়।

ইয়াৰোপৰি আগন্তুক লোক সভা নিবাৰ্চনৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল পৰ্যায়ত বৰ্তমানৰ চৰকাৰে কৰা জনহিতকৰ তথা উন্নয়নৰ সন্দৰ্ভত তীব্ৰ গতিত প্ৰচাৰ চলোৱা, দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰত্যকজন কৰ্মীয়ে নিস্বাৰ্থভাবে কামত আত্মনিয়োগ কৰাৰ বাবে আহ্বান জনায়। যি সকল দৰিদ্ৰ লোক চৰকাৰী আচঁনিসমূহৰ পৰা বৰ্তমানেও বঞ্চিত হৈ আছে তেওঁলোকক চিনাক্ত কৰি তেওঁলোকৰ প্ৰতি গুৰুত্বহকাৰে আগভাগ লৈ সমস্যা সমাধান কৰাৰ বিষয়ে বিশেষভাৱে আলোচনা কৰে এই সভাত ৷

ভানেত্ৰী ৰূপা কামানে এই সভাত উল্লেখ কৰামতে ধেমাজি জিলা বিজেপিৰ সৈতে কেইবাটাও দল সংগঠনকে ধৰি বহু কেইগৰাকী লোক আনুষ্ঠানিকভাৱে যোগদান কৰিবলৈ যোগাযোগ ৰক্ষা কৰি আহিছে।