ধেমাজি

ধেমাজিৰ কিশোৰী নিৰ্যাতনৰ ঘটনা : অভিযুক্ত ভাইজান মৰাঙক সশ্ৰম কাৰাদণ্ডসহ জৰিমনা

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকা আদালতে এক ৰায়দানযোগে বৃহস্পতিবাৰে ধৰ্ষণৰ এটা গোচৰত ভাইজান মৰাং নামৰ অপৰাধীজনক ভাৰতীয় দণ্ডবিধি ৩৪১/৩৭৬  ধাৰাত ৮৮/২০১৭ নম্বৰৰ আদালতৰ গোচৰত শাস্তি প্ৰদান কৰে। অপৰাধীজনক ২৫ বছৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ২০হাজাৰ টকা জৰিমনা বিহে ৷  

ৰায় অনুসৰি উক্ত ২০হাজাৰ টকা অনাদায়ে আৰু অতিৰিক্ত ৬ মাহৰ কাৰাবাস খাটিব লাগিব অপৰাধী মৰাঙে ৷

উল্লেখ্য যে ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰ ৰঙানৈ গাঁৱত ২০১৭ চনৰ ফেব্ৰুৱাৰীৰ মাহত ভাইজান মৰাং নামৰ অপৰাধীজনে ভুক্তভোগীয়ে পথাৰৰ পৰা ঘৰলৈ বুলি ৰাস্তাৰে আহি থকা অৱস্থাতে ধৰ্ষণ কৰিছিল৷ ঘটনাৰ পিছতেই পৰিয়ালে ধেমাজি সদৰ আৰক্ষী থানাত গোচৰ তৰিছিল ৷

পৰবৰ্তী সময়ত বিগত ৭বছৰে চলা গোচৰৰ অন্তত বৃহস্পতিবাৰে আদালতে চূড়ান্ত ৰায়দানেৰে অপৰাধীক শাস্তি প্ৰদান কৰে ৷ গোচৰটোত আচামী পক্ষৰ হৈ অধিবক্তা জয়ন্ত দত্ত আৰু চৰকাৰী পক্ষৰ হৈ অজয় ফুকলাই ওকালতি কৰিছিল ৷

আজিৰ ৰায়দানৰ গোচৰকে ধৰি বিগত ৪০টা দিনত কৌশিক হাজৰিকা আদালতে তিনিটাকৈ ধৰ্ষণৰ গোচৰতে অপৰাধীক শাস্তি প্ৰদান কৰাৰ লগতে ভুক্তভোগীয়ে প্ৰকৃত ন্যায় লাভ কৰিবলৈ সক্ষম হৈছে ৷