ধেমাজি

২৬ ডিচেম্বৰ পৰা ধেমাজিত ৫১ সংখ্যক আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ অসম শক্তি উত্তোলন সংস্থাৰ তত্ত্বাৱধানত আৰু ধেমাজি জিলা শক্তি উত্তোলন সংস্থাৰ সৌজন্যত অহা ২৬ ডিচেম্বৰ পৰা ৫ দিনীয়াকৈ ধেমাজি কোলাপথাৰ ইন্দোৰ ষ্টেডিয়ামত ৫১ সংখ্যক অসম আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷ এই সম্পৰ্কত আয়োজক সমিতিয়ে দেওবাৰে বিয়লি ধেমাজি প্ৰেছ ক্লাৱত এখনি সংবাদমেল অনুষ্ঠিত কৰে ৷

৫১ সংখ্যক সদৌ অসম শক্তি শক্তি উত্তোলন প্ৰতিযোগিতাৰ আয়োজক সমিতিৰ সম্পাদক ঘন কৃষ্ণ বৰগোহাঁইয়ে সংবাদমেল সম্বোধন কয় যে ধেমাজিত অনুষ্ঠিত কৰিবলৈ লোৱা ৰাজ্যিক ভিত্তিত ৫১ সংখ্যক অসম আন্তঃ জিলা শক্তি উত্তোলন প্ৰতিযোগিতাৰ বাবে আয়োজক সমিতিয়ে স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰীৰ পৃষ্ঠপোষকতাত ইতিমধ্যে এখন শক্তিশালী সমিতি গঠন কৰিছে। লগতে কেইবাখন উপ- সমিতি গঠন কৰি প্ৰতিযোগিতাখন সুন্দৰকৈ অনুষ্ঠিত কৰা বাবে আয়োজক সমিতিয়ে দ্ৰুতগতিত কাম-কাজ আগবঢ়াই নিছে।এই প্ৰতিযোগিতাত ৰাজ্যৰ মুঠ ২৫ খন জিলাৰ প্ৰায় পাঁচ শতাধিক খেলোৱৈয়ে অংশগ্ৰহণ কৰিব বুলি অৱগত কৰে তেওঁ ৷

সম্পাদকে সংবামেলত বাজেটৰ সম্পৰ্কে উল্লেখ কৰি কয় যে পূৰ্বতে প্ৰায় বিশ লক্ষাধিক বাজেট হ'ব বুলি ধৰা হৈছিল যদিও পৰৰ্বতী সময়ত বাজেটৰ ধন ৰাশি কম হ'ব বুলি আশা কৰা হৈছে। ।যাৰ বাবে বিভিন্ন উৎসৰ সৈতে সহায়ৰ বাবে যোগাযোগ কৰি থকা হৈছে বুলিও তেওঁ উল্লেখ কৰে ৷

খেলুৱৈ সকলৰ বাবে ইতিমধ্যে কেইবাখনো হোটেল ,ৰাজহুৱা ভৱন , ধেমাজি আৱৰ্ত ভৱনকে ধৰি কেইবাঠাইতো ব্যৱস্থা কৰা হৈছে ৷ বিশেষকৈ মহিলা খেলোৱৈ সকলৰ বাবে যাতে কোনো অসুবিধা নহয় সেয়ে তেওঁলোকক ইন্দোৰ ষ্টেডিয়ামৰ লগতে ৰাখিবলৈ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে৷ সংবাদমেলত আয়োজক সমিতিৰ সভাপতি ৰবি গগৈ ,কাৰ্য্যকৰী সভাপতি ললিত দিহিঙীয়া , ক্ৰীয়া পেঞ্চনাৰ লক্ষেশ্বৰ কোঁৱৰ প্ৰমুখ্যে বহুকেইগৰাকী আয়োজক সমিতিৰ বিষয়ববীয়াই উপস্থিত থাকে ৷