ধেমাজি

ধেমাজিতো পালন নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি : বুধবাৰে ধেমাজিতো ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ আয়ুসৰ সহযোগত কোলাপথাৰৰ নতুন ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয় নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে।

ইয়াৰ পিছতেই ধেমাজি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ সৌৰভ গগৈয়ে যোগৰ উপকাৰীতা সম্পৰ্কে বক্তব্য ৰাখে ৷ যোগ দিৱসটিত ধেমাজি জিলা প্ৰশাসনৰ বিষয়ববীয়া সকলৰ উপৰিও এছ ডি আৰ এফ, এন ডি আৰ এফৰ দল , ধেমাজি চিকিৎসা বিভাগৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷

কাৰ্যসূচীৰ মাজতে জিলাখনত যোগৰ সৈতে জড়িত পাৰদৰ্শী ব্যক্তি সকলক উপায়ুক্ত আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়া সকলে সম্বধৰ্না জনায় ৷