পৰশুৰাম কুণ্ডলৈ গৈ সন্ধানহীন ধেমাজিৰ যুৱক... 
ধেমাজি

পৰশুৰাম কুণ্ডলৈ গৈ সন্ধানহীন ধেমাজিৰ যুৱক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ধেমাজিৰ পৰা তীৰ্থ ভ্ৰমণলৈ গৈ এজন যুৱক নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে ধেমাজিৰ মাটিখোলাৰ দীপাংকৰ দত্ত নামৰ যুৱকজনকে গাওঁখনৰে এটা তীৰ্থ ভ্ৰমণকাৰী দলৰ সৈতে পৰশুকুণ্ডলৈ গৈছিল।

কিন্তু মাজনিশা দীপাংকৰ দত্ত অবিহনেই এই দলটো ঘূৰি আহে। তাৰ পাছতেই তেওঁৰ গৃহত হাহাকাৰৰ সৃষ্টি হয়।

উল্লেখ্য যে এই তীৰ্থভ্ৰমণকাৰী দলটোত আছিল প্ৰায় ৪৫ জনকৈ লোক। নিৰুদ্দিষ্ট দীপাংকৰ দত্তৰ পৰিয়ালৰ লোকে আজি পৰশুৰাম কুণ্ডলৈ গৈ দীপাংকৰৰ সন্ধান চলাব।